NIAৰ গোচৰত অখিল গগৈৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

January 7, 2021

NIAৰ গোচৰত অখিল গগৈৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী : গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান৷ NIAৰ ১৩/২০১৯ নম্বৰৰ গোচৰত জামিন নাকচ অখিল গগৈৰ৷ দীঘলীয়া শুনানীৰ অন্তত শুকুৰবাৰে ৰায়দান কৰে ন্যায়াধীশ কে আৰ চূড়ানা আৰু ন্যায়াধীশ অজিত বৰঠাকুৰেৰে গঠিত খণ্ড বিচাৰপীঠে৷


কিন্তু ৰায়দানৰ লগে লগে মুকলি আকাশৰ তললৈ অহাৰ স্বপ্ন ভংগ অখিল গগৈৰ৷ জামিন আবেদন নাকচ হোৱাৰ পিছত এতিয়া উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ দিছে অখিল গগৈৰ পক্ষই।উল্লেখ্য যে, অখিল গগৈ সুদীৰ্ঘ ৩৭৩দিন ধৰি কাৰাবন্দী হৈ আছে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত৷ মাওবাদীৰে সম্পৰ্ক ৰক্ষাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল অখিল গগৈ ৷ ২০১৯ ৰ ১৭ ডিচেম্বৰত NIA-এ গ্ৰেপ্তাৰ কৰিছিল গগৈক৷ যোৰহাটৰ পৰা NIA-এ গ্ৰেপ্তাৰ কৰা হৈছিল গগৈক। ভাৰতীয় দণ্ডবিধিৰ ১২০(খ)/১২৪(ক)/১৫৩(ক) আৰু বে-আইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ ১৮/৩৯ ধাৰাৰ অধীনত কৃষকনেতাগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল NIA-এ ৷ গগৈৰ বিৰুদ্ধে SI মনোৰঞ্জন মজুমদাৰে এজাহাৰ দাখিল কৰিছিল চানমাৰি থানাত৷

২০১৯ ৰ ১৪ ডিচেম্বৰত ৰুজু হৈছিল এই গোচৰ ৷ পৰৱৰ্তী সময়ত এই গোচৰ NIAৰ হাতলৈ হস্তান্তৰ কৰে কেন্দ্ৰীয় চৰকাৰে ৷ অখিল গগৈৰ উপৰিও পাঁচজনৰ নাম উল্লেখ আছিল এজাহাৰত ৷ অনুৰূপ গোচৰত গ্ৰেপ্তাৰ হৈছিল ধৈৰ্য্য কোঁৱৰ ৷ গ্ৰেপ্তাৰ হৈছিল বিতু সোণোৱাল, মানস কোঁৱৰো ৷ পৰৱৰ্তী সময়ত আটাইকেইজনে জামিন লাভ কৰিছিল যদিও নাকচ কৰা হৈছিল অখিল গগৈৰ জামিন আবেদন।

No comments:

Post a Comment

SPONSORED