কেন্দ্ৰীয় সভাপতি ৰামদাস আঠাৱালেক সাক্ষাৎ অসম ৰাজ্যিক আৰ পি আইৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 12, 2021

কেন্দ্ৰীয় সভাপতি ৰামদাস আঠাৱালেক সাক্ষাৎ অসম ৰাজ্যিক আৰ পি আইৰ

গুৱাহাটী : নতুন দিল্লীত ৰিপাব্লিকান পাৰ্টী অফ ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ দলীয় কৰ্মীসভা সোমবাৰে অনুষ্ঠিত হৈ যায়৷


উক্ত অনুষ্ঠানত দলটোৰ অসম ৰাজ্যিক সভাপতি হিতেশ দেউৰীৰ নেতৃত্বত এটি দলে অংশগ্ৰহণ কৰে৷ দলটোৱে অনুষ্ঠানৰ অন্তত কেন্দ্ৰীয় সভাপতি ৰামদাস আঠাৱালেক সাক্ষাৎ কৰি অসমৰ বিভিন্ন সমস্যাসমূহৰ সমাধানৰ ওপৰত এক গুৰুত্বপূৰ্ণ আলোচনা কৰাৰ লগতে আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভতো পৰ্যালোচনা কৰে৷ কেন্দ্ৰীয় সভাপতিগৰাকীৰ লগতে তেওৰ সীমা আঠাৱলেকো সাক্ষাৎ কৰি সম্বৰ্ধনা জনায়৷


এই দলটোত আছিল নতুনকৈ যোগদান কৰা মনোজ শৰ্মা, মহিলা সমিতিৰ সভানেত্ৰী ৰুমী ফুকন, সাধাৰণ সম্পাদিকা পাৰিজাত শৰ্মা উল্লেখযোগ্য৷

No comments:

Post a Comment

SPONSORED