হাউলীত ‘মিলনজ্যোতি ওমেন ডেভেল’পমেণ্ট অৰ্গেনাইজেশ্ব্যনৰ উদ্যোগত ছাফাই অভিযান - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 10, 2021

হাউলীত ‘মিলনজ্যোতি ওমেন ডেভেল’পমেণ্ট অৰ্গেনাইজেশ্ব্যনৰ উদ্যোগত ছাফাই অভিযান

হাউলী : হাউলী নগৰৰ অন্যতম স্বেচ্চাসেৱী সংগঠন ‘মিলনজ্যোতি ওমেন ডেভেল’পমেণ্ট অৰ্গেনাইজেশ্ব্যন’ ৰ উদ্যোগত সোমবাৰে ‘স্বচ্চ ভাৰত মিছন’ ৰ অধীনত এক ছাফাই অভিযান সম্পন্ন কৰা হয়৷ 


মূল কাৰ্যসূচী আৰম্ভ কৰাৰ পূৰ্বে ‘মিলনজ্যোতি ওমেন ডেভেলপমেণ্ট অৰ্গেনাইজেশ্ব্যন’ ৰ সদ্যপ্ৰয়াত সদস্য ছায়া দাসৰ আত্মাৰ সদ্‌গতি কামনাৰে দুই মিনিটৰ বাৱে মৌণতা অৱলম্বন কৰা হয়৷ অভিযান কায্যৰ্সূচীৰ শুভ-উদ্বোধন কৰে মিলনজ্যোতি ওমেন ডেভেলপমেণ্ট অৰ্গেনাইজেশ্ব্যন’ৰ সভানেত্ৰী জহুৰা বেগমে৷ কায্যৰ্সূচীত সম্বদ্ধৰ্না, মিছিল সমদল, পথসভা, ছাফাই কাম আদি সন্নিৱিষ্ট থাকে৷ মিছিল সমদল কাৰ্যসূচীৰে মিলনজ্যোতি ওমেন ডেভেলপমেণ্ট অৰ্গেনাইজেশ্ব্যন’ ৰ কাৰ্যালয়ৰ দাঁতিকাষৰীয়া ঠাকুৰবাৰী, আমবাৰী, যাদৱ পথ আদি ঠাই সামৰি লোৱা হয়৷ মিছিল সমদলৰ লগে লগে দুখনকৈ পথসভাৰ জৰিয়তে ৰাইজক উদ্যেশ্যি ভাষণ প্ৰদান কৰে মিলনজ্যোতি ওমেন ডেভেলপমেণ্ট অৰ্গেনাইজেশ্ব্যন’ ৰ সাধাৰণ সম্পাদিকা মেহেৰা খাতুনে৷ আনহাতে ছাফাই কায্যৰ্সূচীৰে সামৰি লোৱা হয় ঠাকুৰবাৰী, আমবাৰী, যাদৱ পথ আদি ঠাইৰ বাট, নৰ্দমা আদি৷

No comments:

Post a Comment

SPONSORED