আকৌ হ’ব নেকি লকডাউন? কি ক’লে হিমন্ত বিশ্ব শৰ্মাই? - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 23, 2021

আকৌ হ’ব নেকি লকডাউন? কি ক’লে হিমন্ত বিশ্ব শৰ্মাই?


গুৱাহাটী : অসমত শেহতীয়াকৈ কোৰোণাৰ সংক্ৰমণৰ ঘটনা বৃদ্ধি পোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হোজাইত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় – ‘‘কোৰোণাৰ সংক্ৰমণ হোৱাৰ খবৰ অলপ বেছিকৈ ওলাইছে। যোৱাকালি ১৪জন আৰু পৰহি ৭জন আক্ৰান্ত হৈছে, গতিকে চিন্তাৰ কাৰণ নাই।

মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিদিনে ৩৫০০ আক্ৰান্ত হোৱাৰ সময়ত আমি লকডাউন দিয়া নাই।১৪ আৰু ৭জন আক্ৰান্ত হ’লে কি লকডাউন হ’ব। নতুন কোভিড প্ৰটকলৰ একো প্ৰয়োজন নাই। সামাজিক ব্যৱধান আৰু মাস্ক পৰিধান কৰিবলৈ ৰাইজলৈ আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ। ৰাইজক আতংকিত নহ’বলৈও আহ্বান জনালে মন্ত্ৰীগৰাকীয়ে। কিবা প্ৰয়োজন থাকিলে জনাম বুলিও ক’লে হিমন্ত বিশ্বই।

No comments:

Post a Comment

SPONSORED