ৰাষ্ট্ৰীয় পেঞ্চন নীতি বাতিলৰ দাবীত হাউলীত এনপিএছ কৰ্মচাৰী সন্থাৰ কৰ্মবিৰতি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 24, 2021

ৰাষ্ট্ৰীয় পেঞ্চন নীতি বাতিলৰ দাবীত হাউলীত এনপিএছ কৰ্মচাৰী সন্থাৰ কৰ্মবিৰতি


হাউলী : সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সন্থাৰ আহ্বানত মঙলবাৰে বৰপেটা জিলাৰ বিভিন্ন স্থানৰ লগতে হাউলীতো ৰাজ্যিক কৰ্মচাৰীসকলে কৰ্মবিৰতি পালন কৰে ৷ নতুন পেঞ্চন নীতি (NPS) বাতিল কৰি পুৰণি পেঞ্চন নীতি (OPS) পুনৰ প্ৰৱৰ্তনৰ দাবীত জিলাখনত কৰ্মচাৰীসকলে কৰ্মবিৰতি পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত সন্থাই জনায় যে এনপিএছৰ দৰে এক ভয়াবহ ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰি চৰকাৰী কৰ্মচাৰীৰ বাৰ্ধক্য সুৰক্ষিত কৰাৰ দাবীত এই আন্দোলনৰ কাৰ্যসূচী লোৱা হৈছে ৷

ৰাষ্ট্ৰীয় পেঞ্চন নীতিৰ নামত কৰ্মচাৰীৰ বাৰ্ধক্যকালৰ জীৱনটো দেশৰ কৰ্পৰেট গোষ্ঠীৰ হাতত তুলি দিয়াটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয় ৷ সেয়ে এই এনপিএছ ব্যৱস্থা বাতিলৰ দাবীত কৰ্মচাৰীসকলে আন্দোলনৰ কাৰ্যসূচী লবলৈ বাধ্য হৈছে ৷ চৰকাৰে এই ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন নকৰালৈকে আন্দোলন অব্যাহত ৰাখিব বুলিও হুংকাৰ দিয়ে ৷

No comments:

Post a Comment

SPONSORED