প্ৰতিবেদন ৩ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগত ব্যাপক কেলেংকাৰী - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 24, 2021

প্ৰতিবেদন ৩ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগত ব্যাপক কেলেংকাৰী


ব্যুৰ’ সংবাদ : এগৰাকী ম’ষ্ট পাৱাৰফুল কনিষ্ঠ অভিযন্তা৷ মুখ্যমন্ত্ৰী কিম্বা নিৰ্বাচনী বিষয়াইও সলাব নোৱাৰে তেওঁৰ চকী? পিছে কোন এইগৰাকী কনিষ্ঠ অভিযন্তা? নাম –হাৰুণ আল ৰছিদ৷ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কনিষ্ঠ অভিযন্তা তেওঁ৷ ৩ বছৰ নাইবা ৬ বছৰ নহয়, ২৪ বছৰেও একেটা স্থানতে ৰাজত্ব চলাই আহিছে এইগৰাকী ম’ষ্ট পাৱাৰফুল কনিষ্ঠ অভিযন্তা৷ বদলিৰ নিৰ্দেশ আহিলেও ডণ্ট কেয়াৰ৷

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ত এইগৰাকী হাৰুণ আল ৰচিদে কেনেদৰে লুণ্ঠনৰাজ অব্যাহত ৰাখিছে, সোয়া আমি পূৰ্বতেই বিস্তাৰিত ৰূপত প্ৰখাশ কৰিছো৷ এয়া প্ৰতিবেদন ৩৷

এই প্ৰতিবেদনত নাম সাঙোৰ খাইছে উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ এহেজাৰ কোটি টকীয়া কেলেংকাৰীৰ নায়ক আৰ এইচ খানৰ৷ একাংশ স্বেচ্ছাসেৱী সংগঠনৰ জৰিয়তে পঞ্চায়তে পঞ্চায়তে শৌচালয় নিৰ্মাণৰ পৰা আৰম্ভ কৰি প্ৰতিটো আঁচনিত ব্যাপক অনিয়ম আৰু দুৰ্নীতি চলি থকা বুলি এইবাৰ অভিযোগ তুলিছে স্বয়ং শাসকীয় পক্ষৰ কৰ্মী তথা ভাৰতীয় জনতা পাৰ্টীৰ জিলাখনৰ কিষান মৰ্চাৰ সভাপতি আমিনুল ইছলামে৷

এছ ডি অ’ ছফিয়ৰ ৰহমান মোগল আৰু কনিষ্ঠ অভিযন্তা হাৰুণ আল ৰছিদক মেনেজ কৰি অনায়াসে চলাই আহিছে লুণ্ঠনৰাজ৷ কাৰ্যবাহী অভিযন্তা নাছিমুল হক খন্দকাৰৰ আশিষ লৈ বিগত ২৪ টা বছৰে কনিষ্ঠ অভিযন্তা হাৰুণ আল ৰচিদে একেটা পদত অধিষ্ঠিত থাকি নিজৰ খেয়াল-খুচিমতে বিভাগটোত লুণ্ঠন চলাই গঢ়িছে সম্পত্তিৰ পাহাৰ৷

এতিয়া আপুনিয়েই বিবেচনা কৰক, এইগৰাকী হাৰুণ আল ৰচিদ কিমান পাৱাৰফুল৷ বদলি কৰাৰ সাহস নাই মুখ্যমন্ত্ৰী অথবা নিৰ্বাচনী বিষয়াৰো৷

No comments:

Post a Comment

SPONSORED