ৰাজ্যৰ ভিন্ন প্ৰান্নত চলি আছে অবৈধ জুৱা৷ একপ্ৰকাৰ সামাজিক ব্যধি বুলি উল্লেখ কৰিব পৰা এই জুৱা খেলক লৈ সংবাদ প্ৰহৰী তীব্ৰ অভিযান অব্যাহত থাকিব৷ ইতিমধ্যে সংবাদ প্ৰহৰীৰ বাতৰিৰ প্ৰভাৱ পৰিল বৰপেটাৰোডত৷ বৰপেটাৰোড আৰক্ষী থানাৰ অন্তৰ্গত বাৰাগুৱাত ডেন্স ধামাকাৰ নামত জুৱা খেল চলি থকা বুলি এক বাতৰি প্ৰচাৰ কৰা হৈছিল৷ সেয়ে আজিৰ বাতৰি প্ৰচাৰ কৰাৰ পূৰ্বে আগবঢ়াইছো এক স্পষ্টীকৰণ৷ বৃহস্পতিবাৰে প্ৰকাশ কৰা বাতৰি অনুসৰি জুৱা খেলৰ স্থান প্ৰকৃতাৰ্থত বাৰাগুৱা নাছিল বুলি আমাৰ কাৰ্যালয়লৈ ফোন কৰি জানিব দিয়ে গাঁওখনৰ একাংশ সচেতন ব্যক্তিয়ে৷ ঠাইখন আছিল একেখন ধানাৰ অন্তৰ্গত বাৰাগুৱাৰ সমীপৱৰ্তী বিলাসীপাৰা গাঁওহে৷ গতিকে গাঁওখনৰ নাম অনিচ্ছাকৃতভাৱে ভুলকৈ উল্লেখ কৰাৰ বাবে আমি ক্ষমা প্ৰাৰ্থী৷ আগবঢ়াইছো লাহৰীঘাটত অবাধে চলি থকা জুৱা খেলৰ এক বিশেষ সংবাদ৷
মৰিগাঁও জিলাৰ ভেলৌগুৰি আৰক্ষী থানাৰ অন্তৰ্গত কাঠনি গৰম বজাৰৰ সমীপত বৰলুইতৰ দাঁতিত বিগত কেইবামাহ ধৰি অব্যাহত আছে ৰমৰমীয়া জুৱা। অভিযোগ অনুসৰি, ভেলৌগুৰি আৰক্ষী প্ৰশাসনৰ ছত্ৰছায়াত একাংশ জুৱা মাফিয়াই দিন দুপৰতে অব্যাহত ৰাখিছে অবৈধ জুৱাৰ ঘাটি । যাৰ পৰিপ্ৰেক্ষিতত বহু যুৱক বিপথে পৰিচালিত হোৱা পৰিলক্ষিত হৈছে। উল্লেখ্য যে সুদীৰ্ঘ দিনৰ পৰা লাহৰীঘাট অঞ্চলৰ কিছু ঠাইত চলি থকা এনে অসামাজিক কাৰ্য্যবোৰ পূৰ্বে কিছু গোপনে সংঘটিত হৈছিল যদিও বৰ্তমান সময়ৰ এনে নাভূত নাশ্ৰুত ঘটনাই সচেতন মহলক চিন্তিত কৰি তুলিছে । স্থানীয় ৰাইজে এনে ঘৃণনীয় কাৰ্য্যক কঠোৰ ভাষাৰে সমালোচনা কৰি আৰক্ষীৰ নীৰৱ ভূমিকাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে । আন একাংশই এনে অসামাজিক কাৰ্য্য ৰোধ কৰাৰ লগতে এনে কাৰ্য্যত জড়িত লোকক কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী উত্থাপন কৰিছে ।
উল্লেখ্য যে, কিছুদিন পূৰ্বে পাৰ্শ্বৱৰ্তী দলৈগাও অঞ্চলত জুৱাৰ প্ৰতিবাদ কৰাৰ বাবেই হত্যা কৰা হৈছিল আৰজু নামৰ এগৰাকী প্ৰতিবাদকাৰীক । যাৰ ফলত স্থানীয় ৰাইজে প্ৰকাশ্যে প্ৰতিবাদ কৰিবলৈ ভয় কৰিছে। প্ৰশ্ন হয়, আৰক্ষীয়ে সকলো জানিও কিয় নেদেখা কুলিৰ ভাও জুৰিছে? জুৱাৰিৰ প্ৰতি আৰক্ষীৰ কিহৰ ইমান মিতিৰালি ? কাৰ বলেৰে বলীয়ান এই সকল জুৱা মাফিয়া ? ক'ত পালে দিন দুপৰতে খেল চলোৱাৰ এনে দূসাহস? মৰিগাঁও জিলা প্ৰশাসন তথা অসম আৰক্ষীৰ শীৰ্ষ বিষয়াই উৎখাত কৰিবলৈ সক্ষম হবনে এই জুৱাৰ ঘাটি? নে এনেদৰেই চলি থাকিব জুৱা মাফিয়াৰ দপদপনি ? ৰাজ্যত চলি থকা এনে অবৈধ জুৱাৰ বিৰুদ্ধে অব্যাহত থাকিব আমাৰ অভিযান৷
No comments:
Post a Comment