লখিমপুৰৰ দক্ষিণ ফাতেহপুৰত বিদ্যুৎ বিভাগত ব্যাপক দূৰ্নীতি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 27, 2021

লখিমপুৰৰ দক্ষিণ ফাতেহপুৰত বিদ্যুৎ বিভাগত ব্যাপক দূৰ্নীতি


লখিমপুৰ : লখিমপুৰৰ দক্ষিণ ফাতেহপুৰত বিদ্যুৎ বিভাগত ব্যাপক দূৰ্নীতি৷ বিল আদায়ৰ নামত গ্ৰাহকক মাধমাৰ বিদ্যুৎ বিভাগৰ৷ প্ৰথম মাহৰ বিদ্যুৎ বিল- ৫৮৩ টকা৷ দ্বিতীয় মাহত বিল আহিল ৮৫৩৭ টকা৷ অৰ্থাৎ প্ৰায় আঠহাজৰ টকাৰ পাৰ্থক্য৷ এনে সমস্যাৰ সম্মুখীন হৈছে অঞ্চলটোৰ ৪০ৰো অধিক গ্ৰাহক৷

বিহপুৰীয়া বিদ্যুৎ বিভাগৰ অধীনত থকা দক্ষিণ ফাতেহপুৰ গাঁৱত দীৰ্ঘ দিন ধৰি চলি আছে এই দূৰ্নীতি। ছাইফুল ইছলামে দীৰ্ঘ দিন ধৰি এই কাৰ্য চলাই আহিছে বুলি একাংশই মত প্ৰকাশ কৰে৷ সেয়ে বিভাগীয় কৰ্তৃপক্ষক এই বিষয়টো গুৰুত্ব দি তদন্ত কৰিবলৈ আহ্বান জনাই স্থানীয় ৰাইজে৷

No comments:

Post a Comment

SPONSORED