পলাশ শিমলুৰ ৰঙা ফুলৰ মাজত অপৰূপা মানাহ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 27, 2021

পলাশ শিমলুৰ ৰঙা ফুলৰ মাজত অপৰূপা মানাহ


পলাশ শিমলুৰ ৰঙা ফুলৰ মাজত অপৰূপা মানাহ৷ মানাহৰ মনোমোহা পৰিবেশে হাতবাউলি মাতিছে পৰ্যটকক৷ ফাগুন মানে প্ৰেম প্ৰেম গোন্ধোৱা এটা উশাহ৷ ফাগুন মানে পলাশ শিমলুৰ ৰঙাৰ সতে ৰঙীয়াল হ’ব পৰা এটা উন্মাদনা৷ এই ফাগুনে কঢ়িয়াই আনে হাঁহি, কঢ়িয়াই আনে সুখ৷ এই দৃশ্য মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ৷

গছে বিৰিখে ডাল ভৰি ফুলিছে ফাগুনৰ ফুল৷ যেনিয়ে চায় তেনিয়ে কেবল ৰঙা ফুলৰ সমাহাৰ৷ পলাশ শিমলুৰ ৰঙা ফুলে যেন হাতবাউলি মাতিছে সকলোকে৷

ৰিব ৰিব বতাহৰ ঢৌত ঋতু পৰিবৰ্তনৰ ইংগিত দি বিৰিখৰ পৰা সৰিছে পাত৷ এক মনোমোহা অপৰূপ সৌন্দৰ্যৰ আকৰ মানাহৰ এই দৃশ্যৰ বাবেই ভিৰ কৰে পৰ্যটকে৷ ভিন্নৰঙী ফুলেৰে এতিয়া জাতিষ্কাৰ মানাহ৷

No comments:

Post a Comment

SPONSORED