বিধায়ক শুকুৰ আলীয়ে কৰিব নোৱাৰা কাম কৰিলে ৰাইজে - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 26, 2021

বিধায়ক শুকুৰ আলীয়ে কৰিব নোৱাৰা কাম কৰিলে ৰাইজে


বৰপেটা : আছে গৰু নাবায় হাল, থকাতকৈ নথকাই ভাল৷ কথাষাৰ প্ৰযোজ্য হৈছে বৰপেটা জিলাৰ চেঙা সমষ্টিৰ বিধায়ক শুকুৰ ক্ষেত্ৰত৷ বিধায়কগৰাকীয়ে দিছপুৰত শুই-বহি কটোৱাৰ সময়ছোৱাতেই স্থানীয় ৰাইজে দাঙি ধৰিলে এক নিদৰ্শন৷ বিধায়কৰ দ্বাৰা বা বিধায়কৰ সহযোগত নহয়, ৰাইজে সলনি কৰিলে মহাবাহুৰ সোঁত৷

"ৰাইজে নখ জোকাৰিলে নৈ বয়৷ এই বাক্যটো সৰোগত কৰি দক্ষিণ বৰপেটা বৃহত্তৰ গৰেমাৰী পথাৰ, গৰেমাৰী হাবি, বিলৰটাৰী, ৰহমপুৰ আৰু কাষৰীয়া গাৱঁৰ ৰাইজে ললে এক নতুন সিদ্ধান্ত ৷ বছৰ বছৰ ধৰি মহাবাহু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া আৰু চৰকাৰৰ বিভাগীয় কৰ্মচাৰীৰ অনীহা আৰু ধন সৰকোৱাৰ নীতিৰ বিপৰীতে তেওঁলোকে নিজেই পদক্ষেপ হাতত তুলি ললে ৷ চৰকাৰী পাৰ্কুপাইনৰ দ্বাৰা নদীৰ সোঁত সলনি নহয় কিয়নো সেইবোৰ এটা পাৰত পেলাই থয় ৷ তাৰ পৰিবৰ্তে নদীৰ মাজেৰে বাঁহ বা কাঠৰ দ্বাৰা মজবুত কৈ ৩০/৪০ফুট দূৰত্বত বেৰ দি ভেটা দিলে নদীৰ সোঁত সলনি কৰিব পাৰি ৷ দক্ষিণ বৰপেটাৰ এই নৈ পৰীয়া ৰাইজে সমাজ সচেতক মুখিয়াল ব্যক্তি তাছেৰ উদ্দিনক সভাপতি আৰু মজিবৰ ৰহমানক সম্পাদক ৰূপে বাছনি কৰি এক দীঘলীয়া কমিটি গঠন কৰি কাম আৰম্ভ কৰিছে ৷ আজাদ গাঁও পঞ্চায়তৰ সভাপতি তোমেজ উদ্দিন আৰু ৪ নং ভেল্লা জিলা পৰিষদৰপৰিষৰ সদস্য সহিদুল ইছলামে এই ক্ষেত্ৰত ভালেখিনি সহায়ৰ হাত আগবঢ়াইছে ৷ এই বেৰ আৰম্ভণি কৰাৰ ফলত এক কিলোমিটাৰ দক্ষিণ ফালে নদীয়ে সোঁত সলাবলৈ আৰম্ভ কৰিছে ৷ এই কামত সহায়ৰ হাত আগবঢ়াবলৈ কাষৰীয়া মানুহৰ ঘৰে ঘৰে গৈ আৰ্থিক, শাৰীৰিক নাইবা বাঁহ-কাঠৰ সাহাৰ্য্য বিচাৰি আছে গৰাখহনীয়া প্ৰতিৰোধ সমিতিয়ে ৷ বাৰিষা অহাৰ আগতেই নদীৰ সোঁত সলনি কৰিব পাৰিব বুলি বিশ্বাস এই ভুক্তভোগী নৈ পৰীয়া বাসীৰ৷ ইতিমধ্যে অসমৰ মানচিত্ৰৰ পৰাই শত শত গাঁও নোহোৱা হৈছে আৰু লাখ লাখ মানুহ অঘৰী হৈছে লগতে কিছুমানে বিশেষ বিশেষণৰ দ্বাৰা নামাঙ্কিত হৈছে৷ অনাগত দিনবোৰত যাতে আৰু নিৰ্যাতিত আৰু অঘৰীৰ হোৱাৰ পৰা ৰক্ষা পৰিব পাৰি তাৰেই যেন আগজাননী এই প্ৰচেষ্টা ৷ এই কামৰ সলাগ লৈছে সমাজ সচেতক ভালে সংখ্যক ব্যক্তিয়ে ৷

No comments:

Post a Comment

SPONSORED