বি জে পি -এ আই ইউ ডি এফৰ মাজত গুপন বুজাবুজি আছে- কয়াকুছিত লুৰিণজ্যোতি গগৈ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 4, 2021

বি জে পি -এ আই ইউ ডি এফৰ মাজত গুপন বুজাবুজি আছে- কয়াকুছিত লুৰিণজ্যোতি গগৈ

দিলদাৰ হুছেইন, কয়াকুছি : 
অসমত কেতিয়াও কা বলবৎ কৰিব দিয়া নহয়। অসমত আগন্তক বিধানসভাৰ নিৰ্বাচনৰ পিছত চৰকাৰ গঠন কৰি অসমত যাতে কা বলবৎ নহয় তাৰ বাবে সকলো ব্যৱস্থা কৰিব। অসমৰ পৰা ভোট বিভাজনৰ জড়িয়তে যাতে বি জে পি আৰু কংগ্ৰেছ দলে লাভ উঠাব নোৱাৰে তাৰ বাবে অসমৰ ৰাইজৰ দাবীত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ দল আজি আনুষ্ঠানিকভাৱে অহা বিধানসভাৰ নিৰ্বাচনত যৌথভাৱে নিৰ্বাচনত অৱতীৰ্ণ হব। 


ইয়াৰ লগতে বি পি এফ আৰু এ এছ ডি ছিৰ লগত যোগাত্মক আলোচনা চলি আছে। জাতীয় সংকট , সাম্প্ৰদায়িক পৰিবেশ, অবৈধভাৱে ধৰ্মৰ ভিত্তিত নাগৰিকত্বৰ ব্যৱস্থা কৰাৰ বিৰুদ্ধে , অসমত শান্তি স্থাপনৰ বাবে জন্ম হোৱা অসম জাতীয় পৰিষদৰ জন্ম হৈছে। অসম সকলো সময়ত প্ৰথম আৰু অদ্বিতীয় হৈ থাকিব ।এনেদৰেই আজি বৰপেটা জিলা সমিতিৰ উদ্যোগত সৰুক্ষেত্ৰী সমষ্টিৰ কয়াকুছি বজাৰৰ সৰু মটৰগাড়ী ৰখা আস্থানত অনুষ্ঠিত হোৱা এক ৰাজহুৱা সভাত এনেদৰে কয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। ইয়াৰ লগতে গগৈয়ে নিজৰ ভাষণত কয় যে অসমৰ ৰাইজে কা মানি লোৱা নাই আৰু কেতিয়াও নলয়। অসমত যদি আকৌ বি জে পিয়ে চৰকাৰ গঠন তেন্তে অসমৰ মানুহৰ স্বাধীনতা নাথাকিব বুলি কয় গগৈ। 


যেতিয়াই অসমীয়া ৰাইজে উন্নয়নৰ কয় তেতিয়াই সাম্প্ৰদায়িক পৰিস্থিতিৰ পৰিৱেশৰ সৃষ্টি কৰে চৰকাৰে। চৰকাৰে বছৰি ২৩ লাখ নিবনুৱাক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰে সকলো কৃষি, স্বাস্থ্য, জলসিঞ্চন,বিদ্যুৎ,মীণ আদি সকলো দিশতে ব্যৰ্থ হৈছে বুলি গগৈয়ে কয়। চৰকাৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ বুলি গগৈয়ে কয়। শূন্য সহনশীলতাৰ কথা সকলো সময়তে কৈ থকা মুখ্যমন্ত্ৰীৰ জনসংযোগ বিভাগত বিয়াগোম কেলেংকাৰী সংগঠিত হোৱা বুলি অভিযোগ আনি মুখ্যমন্ত্ৰী সোণোৱালক তীব্ৰভাৱে সমালোচনা কৰে।ভাষণত গগৈ নাম নোলোৱাকৈ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আগন্তুক নিৰ্বাচনৰ বাবে শংকিত হৈছে বাবে আজিকালি বিভিন্ন সভা সমিতিত নাচ গান গাই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰাবলৈ চেষ্টা কৰে। কেন্দ্ৰীয় চৰকাৰে অসমৰ এটা এটাকৈ সম্পদ বিক্ৰী কৰি দিছে। অসমৰ পৰা সাম্প্ৰদায়িক শক্তিক অসমৰ পৰা উৎক্ষাত কৰাৰ বাবে ২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনেই হৈছে উপযুক্ত সময়। নিজৰ ভাষণত বি জে পি আৰু এ আই ইউ ডি এফৰ মাজত গুপন বুজাবুজি আছে। সেই বুজাবুজিৰ বাবেই আজিও অসমত দুখন জিলা পৰিষদ বি জে পি আৰু এ আই ইউ ডি যৌথভাৱে চলাই আছে। 


 আনকি হিমন্ত বিশ্ব শৰ্মা আৰু আজমলৰ লগত গুপন বুজাবুজি আছে বুলি অসমৰ পৰা বি জে পি আৰু এ আই ইউ ডি এফক সম্পূৰ্ণৰূপে উৎক্ষাত কৰিবলৈ গগৈয়ে আহ্বান জনায়। কংগ্ৰেছ দলক সমালোচনা কৰি গগৈয়ে কয় যে আগন্তক বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছৰ অৱস্থা বিহাৰ, বি টি এ ডি আৰু তিৱা পৰিষদৰ নিৰ্বাচনৰ দৰে হব।সভাত অংশগ্ৰহণ কৰি অসম জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি তথা পাটাছাৰকুছি সমষ্টিৰ বিধায়ক পবীনন্দ্ৰ ডেকাই জয় আই অসম শ্লগানেৰে নিজৰ ভাষণ আৰম্ভ কৰি অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল একেলগে নিৰ্বাচন খেলিব। আগন্তক নিৰ্বাচনত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে অসমৰ পৰা বি জে পি, এ জি পি ,কংগ্ৰেছ , এ আই ইউ ডি এফক উৎক্ষাত কৰি অসমত আঞ্চলিকতাবাদী চিন্তাধাৰাৰ নতুন চৰকাৰ হব বুলি কয়। ডেকাই নিজৰ ভাষণত চৰকাৰে অসমখনক বিভিন্ন জাতি জনগোষ্ঠীৰ নামত ভাগ ভাগ কৰাৰ অভিযোগ আনি আগন্তুক দিনত জাতীয় পৰিষদৰ নেতৃত্বত অসমত শান্তি স্থাপন হব।

আজিৰ এই সভাত সৰুক্ষেত্ৰী সমষ্টিৰ পশ্চিম পাকাৰ বাসিন্দা তথা অধিবক্তা সবজেল হক সিকদাৰে আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদ দলত যোগদান কৰে। সিকদাৰে নিজৰ ভাষণত কংগ্ৰেছ আৰু বি জে পি ভাই ভাই কোৱাৰ লগতে দুয়োটা দলক সমালোচনা কৰে।আজিৰ সভাত সিকদাৰৰ লগতে ৰামকৃষ্ণ দাস, শৈলেন দাস,অক্ষয় দাস আৰু সিকদাৰৰ ঘৈণীয়েক আমিনা শিকদাৰে অসম জাতীয় পৰিষদ দলত যোগদান কৰে ।নিৰ্ধাৰিত সময়তকৈ প্ৰায় ৩ ঘন্টা পলপকৈ অনুষ্ঠিত হোৱা এই সভাত সভাপতিত্ব কৰে অসম জাতীয় পৰিষদৰ উপ-সভাপতি দুলু আহমেদে আৰু সভাৰ উদেশ্য ব্যখ্য কৰে বৰপেটা জিলা সমিতিৰ আহ্বায়ক কুলধৰ নাথে।

No comments:

Post a Comment

SPONSORED