হাতীগাঁও শাখা লেখিকা সংস্থাৰ উদ্যোগত বিষ্ণু ৰাভা দিবস উদ্‌যাপন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 20, 2021

হাতীগাঁও শাখা লেখিকা সংস্থাৰ উদ্যোগত বিষ্ণু ৰাভা দিবস উদ্‌যাপন



গুৱাহাটী ঃ অসম লেখিকা সংস্থাৰ অন্তৰ্গত বৃহত্তৰ হাতীগাঁও শাখা লেখিকা সংস্থাই কৰোনাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল বৈঠকৰ যোগেদি বিষ্ণু ৰাভা দিবস উদযাপন কৰে৷ ভাৰ্চুৱেল বৈঠকৰ আঁত ধৰে সম্পাদিকা দীপা বৰা দত্তই৷ অনুষ্ঠানৰ আৰুম্ভনিতে বিষ্ণু ৰাভাৰ ফটোত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে বৃহত্তৰ হাতীগাঁও শাখা লেখিকা সংস্থাৰ সভানেত্ৰী কস্তৰী নিভা গগৈয়ে৷ পিছত অসম সাহিত্য সভাৰ প্ৰাত্তন সভাপতি তথা সৰস্বতী বটাৰে বিভূষিত, পদ্মশ্ৰী সন্মানেৰে সন্মানিত ‘পাতাল ভৈৰবীৰ’ স্ৰষ্টা ডঃ লক্ষীনন্দন বৰাৰ বিয়োগত এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়৷ 
গীত, মাত, কবিতা আবৃত্তিৰে জীপাল হৈ পৰে বৃহত্তৰ হাতীগাঁও শাখা লেখিকা সংস্থা৷ সুকণ্ঠী গায়িকা মাইনু ডেকাৰ কণ্ঠত ৰাভা সংগীত ‘পৰজনমৰ শুভলগনত’ কালজয়ী গীতেৰে অনুষ্ঠানটি আৰম্ভ কৰা হয়৷ বিশিষ্ট গীতাৰ বাদক তথা হাতীগাও শাখাৰ উপসভানেত্ৰী শেবালী লিখাৰুৰ গীতাৰত সুৰৰ লহৰ তোলে ৰাভা সংগীত ‘নাহৰ ফুলে নুশুবায়’ গীতটিয়ে৷ বিশিষ্ট লেখিকাসকল ত্ৰুমে কস্তৰী নিভা গগৈ, নীলিমা শৰ্মা, মৃনালী ভৰালী, স্বপ্নাময়ী শৰ্মা ৰায় মেধি, মানসী আদিল, বেবী দাস, লিপি ৰহমান, ৰীতা বৰা, মুন গগৈ আদিয়ে বিষ্ণু প্ৰসাদ ৰাভাৰ ওপৰত কবিতা পাঠ কৰে৷ গীতৰ শৰাই আগবঢ়ায় ৰূপালী মৰুল, বেবী দাস, জুমু কলিতাই৷ কালজয়ী ৰাভা সংগীত ‘সুৰৰে দেউলৰে’ পৰিবেশন কৰে ৰীতা বৰা, জোনা বৰুৱা আৰু সম্পাদিকা দীপা বৰা দত্তই৷ জাতীয় সংগীতেৰে সামৰণি পেলোৱা অনুষ্ঠানটিত শলাগৰ শৰাই আগবঢাই সম্পাদিকা দীপা বৰা দত্তই৷

No comments:

Post a Comment

SPONSORED