বৰপেটাৰোডত চলিছে সাৰৰ বৃহৎ ছিণ্ডিকেট - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 21, 2021

বৰপেটাৰোডত চলিছে সাৰৰ বৃহৎ ছিণ্ডিকেট

  • বৰপেটাৰোডত চলিছে সাৰৰ বৃহৎ ছিণ্ডিকেট
  • নাটনিৰ অজুহাত দেখুৱাই ছিণ্ডিকেট চলাইছে একাংশ অসাধু ব্যৱসায়ীয়ে
  • ছপা মূল্যতকৈ দুগুণ মূল্যত বিক্ৰী কৰিছে ৰাসায়নিক সাৰ

 

বৰপেটাৰোড : লকডাউনৰ সুযোক লৈ বাণিজ্য নগৰী বৰপেটাৰোডৰ একাংশ সাৰৰ দোকানীয়ে ছেণ্ডিকেট চলাইছে । কৃষকক ৰামটাঙোন শোধাই বৰপেটাৰোডৰ একাংশ সাৰৰ দোকানীয়ে ছপা মূল্যত কৈ দুগুণ লাভত বিক্ৰী কৰিছে ৰাসায়নিক সাৰ। তাৰোপৰি নিজৰ ইচ্ছামতে দাম বহুৱাই সাৰ বিক্ৰী কৰি আহিছে বীজ ভাণ্ডাৰৰ দোকানীসকলে৷

কৰোনাৰ এই ভয়াৱহ নাটনিৰ মাজতো খেতিয়কসকলে কপালৰ ঘাম মাটিত পেলাই খেতি কৰি সম্প্ৰতি বজাৰত বিক্ৰী কৰিব নোৱাৰা হৈছে নিজৰ উৎপাদিত ফচল৷ কিন্তু তেনে সময়তেই বৰপেটাৰোডৰ একাংশ সাৰৰ দোকানীয়ে চলাইছে ছেণ্ডিকেট ৰাজ। ইউৰিয়া সাৰৰ পেকেটিং মূল্য হ'ল ২৬৬•৫০ টকা কিন্তু বৰপেটাৰোডৰ একাংশ বীজ ভাণ্ডাৰৰ দোকানীয়ে তাৰ বিনিময় লৈছে ৪০০ ৰ ৫০০ টকা।

বৰপেটাৰোডত সাৰৰ এই বিশাল ছেণ্ডিকেটৰ বিষয়ে বৰপেটাৰোডৰ বীজ ভাণ্ডাৰ সংস্থাৰ সভাপতি শ্বাজিদুৰ ৰহমান আৰু সম্পাদক ঋষি কাশ্যপৰ মতে ছপা মূল্যত কৈ অধিক দামত বিক্ৰী হোৱা নাই সাৰ। আৰু যদি কোনোবাই ছপা মূল্যত কৈ অধিক দামত বিক্ৰী কৰিছে তেন্তে বিভাগীয় কৰ্তৃপক্ষই ইয়াৰ প্ৰতি গুৰুত্ব আৰোপ কৰাৰ উচিত।

উল্লেখযোগ্য যে বীজ ভাণ্ডাৰ সন্থাই ইয়াক অস্বীকাৰ কৰিলেও সন্থাৰ অধিকাংশ সদস্যই এই ছিণ্ডিকেটত জড়িত৷ পিছে কোন আৰু কেনেকৈ বৰপেটাৰোডত এই বৃহৎ সাৰৰ ছিণ্ডিকেট চলাই আহিছে সেয়া বিস্থাৰিতভাৱে ফাদিল কৰিম পৰৱৰ্তী প্ৰতিবেদনত৷

No comments:

Post a Comment

SPONSORED