দেশপ্রেন মূলক গীত পৰিৱেশন কৰি উজলি উঠিল মাফুজা ইয়াছমিন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

August 16, 2021

দেশপ্রেন মূলক গীত পৰিৱেশন কৰি উজলি উঠিল মাফুজা ইয়াছমিন

বৰপেটাৰোড : ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে দেশপ্রেন মূলক গীত পৰিৱেশন কৰি উজলি উছিল শিশুশিল্পী মাফুজা ইয়াছমিন৷ বৰপেটা জিলাৰ অন্তৰ্গত বাণিজ্যনগৰী বৰপেটাৰোড সমীপৰ বিলাসীপাৰা গাঁৱৰ ইদ্রীছ আলী আৰু মাছুমা হকৰ সাত বছৰীয়া কন্যা মাফুজা ইয়াছমিন৷ 


উল্লেখ্য যে ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বৰপেটা জিলা প্ৰশাসনে দেশভক্তিমূলক গীত পৰিৱেশনৰ এক প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল৷ উক্ত প্ৰতিযোগিতাত শিশুশিল্পী মাফুজা ইয়াছিমে দ্বিতীয় স্থান দখল কৰি সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে৷ সমগ্ৰ দেশৰ লগতে বৰপেটা জিলা প্ৰশাসনেও সদৰ বৰপেটা আয়োজন কৰা ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মাফুজাক পুৰস্কাৰ আৰু মানপত্ৰ প্ৰদান কৰে৷ মাছুমাৰ এই সফলতাত অঞ্চলবাসীৰ লগতে তেওঁৰ পৰিয়াল স্বাভাৱিকতেই উৎফুল্লিত হৈ পৰে৷ ইপিনে মাফুজাই এই সন্মান লাভ কৰি পৰৱৰ্তী সময়ত আৰু অধিক উৎসাহেৰে সংগীত জগতত মনোনিবেশ কৰিব বুলি আশা ব্যক্ত কৰে৷

No comments:

Post a Comment

SPONSORED