আই - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 14, 2021

আই


  • চিন্ময় ডেকা, টংলা
তুমিয়েই মোৰ
সৃষ্টিৰ এনাজৰীৰ
জন্মদাত্রী মাতৃ।।
দুবাহুত, মনৰ নিজানত
আছে, অযুত আন্তৰিকতাৰ,
উষ্ম ভাৱাপন্ন শলিতাৰ আবেগ খনি।
নাজানোঁ আই!
তোমাৰ সুখে, আজি মন মোৰ উতনুৱা
কৰে'হি মোৰ হৃদয়ত মতলীয়া।
সংগোপনে হিয়া-ঢাঁকুৰী জাতিষ্কাৰ এই জগত খনি
তুমি থাকিবা সদায়!
মোৰ হৃদয়ৰ গোপন কলিজাত
জীৱনৰ অন্তিমটো ক্ষণলৈ,
উচ্চা-আকাংক্ষাৰ মনোবৃত্তিৰ প্ৰেৰণা দিবলৈ।।
থাকিবা সদায়, শেঁতা পৰা মোৰ কোমল কলিজাত
বিপদত একোটি মৰম, সঁহাৰি দিবলৈ,
তোমাৰ অভাজনক, তুমি মৰমৰ আই।।
তোমাৰ মৰম, আকলুৱা নিবিড় সময়বোৰ
মোৰ দুবাহুত সঞ্চিত আজি!
পাহৰণিৰ গৰ্ভত ম্লান পৰিবলৈ নিদিওঁ কাহিনী;
মোৰ মৰমৰ জন্মদাত্রী আই।
ইহ:লোকত থাকিবা মোক সদায় জীৱনত প্ৰেৰণা যোগায়।।

দূৰভাষ:-৬০০২৬৬৬৫৯৩

No comments:

Post a Comment

SPONSORED