বৃদ্ধাশ্ৰম - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 14, 2021

বৃদ্ধাশ্ৰম


  • দুলাল বৰা
জগত সৃষ্টিৰ অভিধান খনীত নথকা এটি যান্ত্ৰনাকাতঁৰ শব্দ হ,ল বৃদ্ধাশ্ৰম।
শুনিলে দেহ মন জিঁকাৰী
উঠা কি যে এক অদ্ভুত শব্দ।

একৈশ শতিকাৰ জগতৰ
বৰদানত ইয়াৰ জন্ম লগন।
এই আশ্ৰমৰ সৃষ্টি কৰতা
জন হ,ল আজিৰ যুগৰ
জ্ঞানী তপস্যি নাগৰিক সমাজ।

ন মাহ দহ দিন অতি
কষ্ট কৰি আমাক এই
জগতৰ বিনন্দীয়া পোহৰ
চাৱলৈ দি আৰু অতি
আলফুলে ডাঙৰ কৰি
পঢ়া-শুনাই জগতত
সভ‍্য মানুহ ৰূপে গঢ়
দিয়া জন্মদায়িনী
পিতৃ-মাতৃয়ে জীৱনৰ
বিয়লী বেলা নিজ
সন্তান ৰ পৰা অলপ মৰম বিছাৰে ঔচিত‍্যৰে,
বিনিময়ত একো নিবিচাৰে।

কিন্তু......
আজিৰ সভ‍্য জ্ঞানী সন্তানে
এইবোৰক কিয় বোজা বুলি ভাবে?
আৰু কিয় সৃষ্টি কৰে বাৰু
এই বৃদ্ধাশ্ৰম নাম
কলংকিত শব্দটিৰ
কিয় বাৰু এনে কৰে!
কিয়?

এই কদৰ্য্যময় পৰিবেশৰ
সৃষ্টি কৰি ভাল পায় ন এই জ্ঞানী সৱে।
কিন্তু
সিহঁতে যে গমকে নাপায়
সিহঁতেই জন্ম দিয়া
সেই বিষাক্ত সাপ ডালে
যে এদিন সিহঁতকো গিলিব উদয় পূৰাই।

"হে"
মোৰ মহান দেশৰ মহান
পণ্ডিত সকল ,
এতিয়াও সময় উকলি
যোৱা নাই নিজক সংশোধন
কৰি সত্য পথৰ পাঠিক
কৰি এই বিষাক্ত সাপ
ডালক সৃষ্টিৰ মূলৰ
পৰা উঘালি পেলোৱা।
জগত সৃষ্টিৰ
অভিধানখনিত নথকা
কুচ্ছিৎ কামিজটি খুলি পেলাই নতুন
আশাৰ কাৰেং সাজাঁ ।
নাই কিয়া কৰা এই অদ্ভূত শব্দৰ উস্বাৰণ
তেতিয়া হে এই জগত হ'ব সবাতোকৈ সত‍্যমঃ শিৱমঃ সুন্দৰমঃ।

জিলা--বিশ্বনাথ
গাওঁ --সামৰিখোৱা
ফোন নং--৪০৯৯১০০৫৭৮

No comments:

Post a Comment

SPONSORED