সোনাৰু - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 14, 2021

সোনাৰু


  • মঞ্জুলা বড়া 
সোনাৰুৰ হালধীয়া ফুলে
মোৰ কলিজা দহে ৷
এই দহনত তোমালৈ থকা
মৰমবোৰ ছাই হৈ আকাশলৈ উৰে ৷
তোমাৰ ক্ষন্তেকীয়া মৰমে
আজীৱন কন্দুৱাব পাৰে ৷
তুমিতু নাজানা, নেদেখা
অশ্ৰুশিক্ত নয়নৰ পাহি ৷
য’ত থাকে গোপনে লুকাই
বৈ যোৱা প্ৰেমৰ সমাধি ৷
আছে মাথো আজি এই
সমাধিত বহু কিবাকিবি ৷
আউজি কিজানিবা পাওঁ
তোমাৰ সুবাস বিছাৰি ৷
পাৰা যদি আহিবা
জীৱনৰ ৰঙাবেলি
অস্ত যোৱাৰ ক্ষণত ,
সোঁৱৰাম দুয়োয়ে
প্ৰেমৰ বেলিটোৰ উদয়ৰ
লুকাভাকুবোৰৰ কথা ৷
হালধীয়া সোনাৰুৰ ফুললৈ
চাই চাই পাতিছিলো কত যে প্ৰেমময় কথা ৷
সেয়ে আজি সোনাৰুৰ
হালধীয়া ফুলে কিনো কয়
নুবুজো একোকে ৷

,ডিগবৈ , টিপাম ৰ’ড, তিনিচুকীয়া ৷

No comments:

Post a Comment

SPONSORED