উশাহে ভাগৰিব এদিন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 14, 2021

উশাহে ভাগৰিব এদিন


  • ৰাবিয়া বেগম
উৰণীয়া পখি তুমি
উৰিয়েই থাকিবা
উৰি উৰি জগত জিনিবা
উৰণীয়া পখিলাক জানো
উৰুঙা সজাত বন্ধী কৰি ৰাখিব পাৰি
উন্মাদপ্ৰায় হৈ পৰিব হয়তো
উচ্ছিষ্ট কৰিবই যিহেতুকে এদিন মোক
উমাল মৰমৰ‌ সোৱাদ যাচিনো কি লাভ
উন্নতমনা ভাৱনাৰে গঢ়িম নিজকে
উল্লেখযোগ্য কামতে সময় বিলীন কৰিম
উপদেশ নহয়... আৰ্হি হোৱাৰ প্ৰচেষ্টাতে
উপমাৰ গিৰী নেওচিম
উশাহ-নিশাহতে বজাম মাথোঁ সততাৰ ডংকা
উপায় ইয়েই সিপুৰীৰ প্ৰাধান্যতাৰ বাবে
উঃ!! মানুহে যদি বুজিলেহেতেন মোৰ দৰেই
উৎকট কল্পনাক মচি দিলেহেতেন।
উচ্চ সম্পদৰ পাহাৰ সজোৱাৰ বাবে
উৎকন্ঠিত নহ'লহেতেন।
উক্তি বোৰ যিমানেই সৎ নহওঁক
উলংঘা কৰা লোকৰ অভাৱ নাই
উৎকলিত চিন্তাৰ অৱসান ঘটাই
উৎকৃষ্ট চিন্তাৰে জীৱন গঢ়া সমীচীন পথ
উকিয়াবৰ আগতেই মৃত্যুৰ দূতে
উৎখাত কৰোঁ সমস্ত
উগ্ৰতা।

মৰিগাঁও আইন মহাবিদ্যালয় (বগৰী তলা)

No comments:

Post a Comment

SPONSORED