অনাকাংক্ষিত মৃত্যু - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 14, 2021

অনাকাংক্ষিত মৃত্যু


  • অনুৰাধা শইকীয়া বুঢ়াগোহাঁই৷
নাজানো মানৱীয়তা কোন দিশে ধাৱমান,
কিন্তু,স্খলন যে ঘটিছে তাৰেই হয় প্ৰমাণ৷
হয়তো সমাজৰ একাংশৰ হৃদয়বোৰ শিল হৈ গৈছে,
সেয়ে শিলাময় হিয়াবোৰে অনুভৱ কৰিব নোৱাৰে_
তেজ থকা হৃদয়ৰ যন্ত্ৰণা,বিষাদ !
কিমান পাষাণ হলে নৃশংস, নিৰ্মমভাৱে,
মানুহেই মানুহক হত্যা কৰিব পাৰে ?

সুযোগ পালেই নৰাধমহঁতৰ ভিতৰত পশুত্ব জাগি উঠে,
তেতিয়াই পৈশাচিক চৰিতাৰ্থ পূৰণৰ চিকাৰ_
নাবালিকা,শয্যাগত বৃদ্ধাও হৈ পৰিব পাৰে!

অমানুষিক কাণ্ডই কঁপাইছে চৌপাশ,
প্ৰকৃতাৰ্থত আমিবোৰ জীৱৰ শ্ৰেষ্ঠ হোৱাৰ যোগ্যনে_
যিদৰেহে সমাজত ,দেশত বিয়পিছে লোমহৰ্ষক সম্বাদ ?

শিশুক শ্ৰমত নিয়োজিত কৰাটোও এক আইনগত অপৰাধ,
তথাপি পেটৰ ক্ষুধা নিবাৰণৰ বাবেই_
পখিলা খেদাৰ বয়সতে ভাঙি কুমলীয়া মন,
কোনোৱে কৰিব লগা হয় কামৰ অন্বেষণ৷

লোকৰ বন কৰাটো ইমান সহজ নহয়,
সৰু হলেও পিন্ধিব লাগিব সহনশীলতাৰ বসন৷
ভূগিব লাগিব অকথ্য নিৰ্যাতনৰ আভূষণ,
আৰু কেনেবাকৈ অবাধ্য হবলৈ হলে_
দহনত বিসৰ্জনো দিব লাগিব নিস্পাপ জীৱন!

দেওঁঘৰীয়া গ্ৰাণ্ট৷, ডাক: দেওঁঘৰীয়া (তিতাবৰ),
জিলা: যোৰহাট, পিন:৭৮৫৬৩০,


No comments:

Post a Comment

SPONSORED