আচ্ছাদন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 14, 2021

আচ্ছাদন


  • দিপিকা কামান
আচ্ছাদন তই আচ্ছাদন
খাদ্যত গাৰ্ড তই আচ্ছাদন
কীটাণু তোৰ অদেশী
ৰাখ দূৰত অণুজীৱক
বচাৱ মোক ৰোগৰ পৰা
সৰ্ব ব্যাপী ধৰ্ম তোৰ।

আচ্ছাদন তই আচ্ছাদন
দেহে-কেহে আচ্ছাদন
ঢাক তই মোক আচ্ছাদন
মোৰ দৈহিক প্ৰমূল্য তই
থৱ নিলগাই লোক পটত
আৰু দিয় জাৰৰ উম।

আচ্ছাদন তই আচ্ছাদন
বাসিন্দাৰ তই আচ্ছাদন
জন-জন্তুৰ গৃহাচ্ছাদন
কৰ বহিষ্কাৰ শিলাবৰ্ষণ
তোৰ কোলাত জুপুকা মাৰোঁ
শিশুৰ দৰে মুক্তালাসত।

আচ্ছাদন ঐ আচ্ছাদন
ন বস্ত্ৰৰ আচ্ছাদন
লুকুৱাৱ প্ৰাচীন হৈ
মলিন লগাই স্ব শৰীৰ
তই পূৰ্ব নব্যাচ্ছাদন
ন সাজৰ, ন সঁজুলিৰ অগ্ৰজ হেৰ'চ্ছাদন।

অগ্ৰজৰো, পুৰণিৰো
তই প্ৰাকাচ্ছাদন
নবীনক পাই নৰ্দমালৈ
গমন তোৰ কোনোবা দিন
যেন পক্ক বৃদ্ধ তই নৱাগত বস্ত্ৰৰ
পুথি-পত্ৰেও আচ্ছাদি ৰাখ দৈনিক চকুত লগাই।

তুলনাত হেৰাৱ বিমৰ্ষ ঘৃণা লৈ
নতুনত্বৰ ঠেলাত নাকচ হোৱাৰ মানসত
কোনেনো স্ৰজিলে তোক
বিশ্বগুণীৰ খলপাত
পেলনীতো জিলিক
শাশ্বত হৈ মহামানীৰ।

গাঁও- চিনাতলীয়া, 
ডাক- বগলীজান, লখিমপুৰ, অসম( ৭৮৭০৩১), 
ভ্ৰাম্যভাষঃ ৯১২৭০০৯০৭৪


No comments:

Post a Comment

SPONSORED