তোমালৈ আজিও মনত পৰে - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 14, 2021

তোমালৈ আজিও মনত পৰে



  • জহিৰুল ইছলাম
ভালপাওঁ নে বেয়া পাওঁ নাজানো
জানো মাথো, তোমালৈ আজিও মনত পৰে ।
সময়ৰ সোঁতত বহুখিনি আগুৱাই গলা
ময়ো থমকি নৰলো যদিও
তোমালৈ আজিও মনত পৰে
অতীতৰ অন্তৰংগ মুহুৰ্তবোৰে বৰকৈ আমনি কৰে
উভয়ে ৰচা সপোনবোৰে প্ৰায়ে আহি ভুমুকি মাৰে
সচাঁই , তোমালৈ আজিও মনত পৰে
নিষ্পাপ হৃদয়ত বাৰম্বাৰ এটা প্ৰশ্নই জাগে
মোৰ দৰে তোমাৰো মোলৈ মনত পৰেনে ?
অতীতৰ সপোনবোৰে তোমাকো আমনি কৰেনে ??
অকলশৰীয়তাৰ সুযোগ লৈ স্মৃতিয়ে কন্দুৱাই নে ???
নাজানো যদিও, তোমালৈ আজিও মনত পৰে ।।

লাহৰীঘাট
৯৪০১১ ৫১৪৮৩


No comments:

Post a Comment

SPONSORED