জীৱনৰ মানচিত্র - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, October 14, 2021

জীৱনৰ মানচিত্র


  • জাহিদুল ইছলাম মিৰ্ধা\
পৃথিৱীৰ মানচিত্ৰৰ দৰেই
মানুহৰ জীৱনটোও এখন মানচিত্র
এই মানচিত্রতো আছে
সৰু ডাঙৰ অসংখ্য নদী
সেই নদীত জোৱাৰ ভাটাৰ সমাগম

এই মানচিত্ৰত আছে কাৰুকাৰ্য খচিত সেঁতু
যি সেঁতুৰ প্ৰতিটো ইঞ্চিতে
মানুহৰ সপোনবোৰক
আশাবোৰক জনোৱা হয় স্বাগতম

এই মানচিত্ৰত আছে উত্তাল সমুদ্র
যি সমুদ্রত হৃদয়ৰ ঢৌ প্ৰবাহমান
শুষ্ক ওঁঠে তৃষ্ণাৰ আবেশত স্নান কৰে
প্রেমৰ বাক্যালাপত হয় মহীয়ান

এই মানচিত্ৰত আছে সমুদ্ৰতট
যি তটৰ বলুকাত মানুহে লিখি যায়
অখণ্ড কিৰণেৰে প্রিয় মানুহৰ নাম
লিখি যায় ক্ষন্তেকীয়া ইতিহাস

এই মানচিত্ৰত আছে অটব্য অৰণ্য
যি অৰণ্য ৰাজ্যত কেতিয়াবা
ঘৰ ভঙা ধুমুহা বতাহ বলে
আকৌ কেতিয়াবা কেতিয়াবা
বাজে নির্জনতাৰ গান

হালধীয়া বৰণৰ চৰাই
চালি ধৰা ময়ুঁৰ আৰু হৰিণাৰ সৌন্দর্যত
হাজাৰ হাজাৰ মাইল জুৰি
মুখৰিত হয় নিথৰ প্রাণ

এই মানচিত্ৰত আছে মৰুভূমি
যি মৰুত দুবৰি লতাৰ অস্তিত্ব নিমিলে
ৰজনীগন্ধা কিম্বা গোলাপ নুফুটে
আছে অলেখ কেকটাছৰ সমাহাৰ

এই মানচিত্রৰ প্ৰতিটো কোণত
আছে ভালপোৱা আছে বিচ্ছেদ
আছে হৰ্ষ-বিষাদ আছে জন্ম আৰু মৃত্যু
এয়াই শাশ্বত চিৰন্তন সত্য
মানুহৰ জীৱনৰো আছে মানচিত্ৰ ৷

বৰপেটাৰোড, জিলাঃ বৰপেটা
অসম, পিনঃ ৭৮১৩১৫
মোবাইলঃ ৭০০২৬৪২৮১২

No comments:

Post a Comment

SPONSORED