দেশনীতি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 14, 2021

দেশনীতি


  • আনজুমা বেগম (ববি), চাপৰ, ধুবুৰী।
নীতিৰে পৰিচালিত জনজীৱন---
ঘৰুৱা নীতি, শিক্ষানীতি, নৈতিক নীতি,জননীতি,
কূটনীতি, সামাজিক আৰু ৰাজনীতি ইত্যাদি।

ঘৰুৱা নীতিয়ে দিয়ে সংস্কৃতি,
শিক্ষা নীতিয়ে বিলায় জ্ঞানৰ পোহৰ,
জননীতিৰে বুজিব পাৰি জনতাৰ মনৰ খবৰ,
কিন্তু কূটনীতিয়ে সকলো দিশতে দিয়ে জ্বালা আৰু যন্ত্ৰণাৰ খবৰ।

নীতি অবিহনে সফল হ'ব নোৱাৰে মানৱ জীৱন;
নীতি যদি হয় সঠিক আৰু শুদ্ধত,
তেন্তে মানৱ জাতিৰ চিন্তা কিহৰ?
আৰু নীতি যদি পৰিণত হয় দূৰ্নীতিত!
মুখামুখি হ'ব লাগিব জনতাই দুৰ্বিসহ,
অসহ্যকৰ জীৱনৰ গতিত।

মানুহ সামাজিক জীৱ-----
সেয়ে নীতিৰ প্ৰয়োজন প্ৰতিটো মূহুৰ্তত,
এটা নীতিয়ে যেতিয়া সলায় পথ
জীৱনে বুজি পায় জীয়াই থকাৰ আচল ৰস।

আমি ভাৰতীয়ই বিভিন্ন জাতি-ধৰ্ম নিৰ্বিশেষে
সকলোৱে থাকো মিলি-জুলি একেলগে।
নাই কোনো ভেদাভেদ, নাই কোনো হিংসা
শান্তি-সমৃদ্ধিৰে ভৰা আমাৰ দেশ।

থাকিম সদায় একেলগে---
ঐক্য, শান্তি, সমৃদ্ধি আৰু একতাৰে
ভাতৃত্ববোধ বজাই ৰাখি।

জনপ্ৰতিনিধিয়ে যদি সুচাৰুৰূপে
পৰিচালিত কৰিব নোৱাৰে দেশ
সৃষ্টি হ'ব দেশত হাহাকাৰ পৰিস্থিতিৰ;
সেয়ে প্ৰতিনীধিৰ ৰাজনীতি হয় যাতে জনদৰদী,
আমি জনতাই সদায় আশাবাদী।।

জনতাৰ সুখ-দুখ, মনৰ অৱস্থা বুজিলৈ
কৰিব লাগে সদায় ৰাজনীতি।
আমি জনতাই বহুত আশা বুকুত বান্ধি লৈ
বাছনি কৰো প্ৰতিনিধি।
যাতে উপভোগ কৰিব পাৰো সুখনীতি
মনত তাৰে আশা পালি।।

হে আমাৰ মৰমৰ,
শ্ৰদ্ধাৰ জনপ্ৰতিনিধি----
ৰাইজৰ কথা কেতিয়াও নাযাব পাহৰি;
পূৰ্ণ কৰিবলৈ নাপাহৰিব
ৰাইজক দিয়া প্ৰতিশ্ৰুতি:

ৰাইজৰ বিপদৰ সময়ত
সহায়ৰ চেষ্টাৰে থাকিব লাগিব লগত।
ৰাজনীতিৰ প্ৰেক্ষাপট অতি জটিল:
ৰাখিব লাগে গোটেই দেশৰ খবৰ,
ৰাজনীতিবিদে উলিয়াব লাগে পথ
বিভিন্ন সমস্যা সমাধানৰ।।

মহামাৰী, বানপানী, নিবনুৱাৰ অভাৱ পূৰণ
ইত্যাদি দায়িত্ব ৰাজনীতিকৰ।
মানুহৰ দুখ-যন্ত্ৰণাৰ সমভাগী সদায়
আমাৰ জননেতাসকল।।

ৰাইজৰ সুবিধা আৰু সুখ - দুখৰ প্ৰতি লক্ষ্য
ৰাখি গঠিত হ'ব লাগে আমাৰ দেশনীতি।।

No comments:

Post a Comment

SPONSORED