নীলাম হৃদয়খনত প্ৰাপ্তিহীনতাৰ বেদনা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 14, 2021

নীলাম হৃদয়খনত প্ৰাপ্তিহীনতাৰ বেদনা



  • ৰিতুমণি কলিতা
জীৱনৰ যুদ্ধত হাৰি যোৱাৰ সন্ধিক্ষণ
হেৰুৱা নদীৰ ঘাটত বাখৰুৱা প্ৰণয়ৰ
সমৰ্পন ।

অশ্ৰুসিক্ত নয়নৰ লোতকত
পাহাৰ ভৈয়ামক সাক্ষী কৰি
প্ৰেমৰ বিদায় বেলাত কেঁচা ঘা টুকুৰা হৈ
সাঁচ বহি ৰ'ল ৰঙা কলিজাৰ এফালত ।

ৰান্ধনি বেলিৰ পোহৰত উদ্ভাসিত
জীৱনৰ স্বচ্ছতা হেৰাই বাকৰুদ্ধ ।

মণি-মুকুতা সদৃশ চকুলোবোৰ ক্ৰমাৎ
এখন বিশাল জলপ্ৰপাত সৃষ্টি ,
চুক্তিপত্ৰ উৱলি বিলীন জলধাৰত ।
নীলাম হৃদয়খনত প্ৰাপ্তিহীনতাৰ বেদনা !

সপোন কোঁৱৰৰ তেজীঘোঁৰা চেকুৰাই
মহতীয়াই লৈ যোৱা প্ৰবল বালি ধুমুহাত
অপ্ৰেমৰ দলিলখন নিৰৱধি সময়ৰ
লেখজোখৰ বিন্দুত উৰুৱাই
বিলুপ্ত জগতৰ মাজত আৱদ্ধ ।

লিখিবলৈ পংক্তি অস্তিত্বহীন
ৰাধা-কৃষ্ণৰ দৰে আধৰুৱা প্ৰেমে
কুশলহীনতাৰ পৰিধিত কন্দুৱাই
বহু কথা নোকোৱাকৈ ৰৈ গ'ল ।

বহু উজাগৰী ৰাতি নিৰ্জনতাত
জীৱনৰ স্পন্দিত সুৰৰ আহত প্ৰণয় পক্ষী ।

মই জড় পদাৰ্থৰ নিৰ্বাক হৈ
স্থিৰদৃষ্টিৰে চাও আকাশলৈ ,
তৰাৰ দেশত যাব পৰা হ'লে
তিৰবিৰাই হাঁহি বিলাই চালোহেঁতেন
অনাগত দিনৰ এটি এটি অধ্যায়

গাঁও-ভোটেপোৱা বড়ী,  ডাকঘৰ :বাঘমাৰা বজাৰ
থানা -পাটাছাৰকুছি, জিলা:বজালী
ডাক সুচাংক-৭৮১৩২৮

No comments:

Post a Comment

SPONSORED