ছন্দ বিহীন জোনাক - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 14, 2021

ছন্দ বিহীন জোনাক


  • দুলাল ৰায়৷
নিঃসংগ জীৱনৰ অতীত স্মৃতিবোৰ
আজি দেখোন ঘনাই মনলৈ আহিছে
পাহৰণিৰ গৰ্ভত হেৰাই যোৱা
ঘটনাবোৰে মোক
যেন বুকুত খুন্দাহে মাৰিছে৷
শৰৎ পূৰ্ণিমাৰ জোন ডুলি আছে
পুৱৰ নিঃসংগে আকাশত
চোতালত বহি চলাথ কৰিছো মই
পাহৰণিৰ আদি পাঠ,
সেয়েহে আজি মই হেৰুৱাই পেলাইছো
জীৱন সংগ্ৰামৰ আঁত৷
বয়স বাঢ়িছে পূৰ্ণিমা জোনৰ
বয়স বাঢ়িছে মোৰ বিষণ্ণ কলিজাৰ
হালি পৰিছে জোন হালি পৰিছে কলিজা
সেয়েহে মই আজি হৈ পৰিছো
এক ছন্দ বিহীন জোনাকৰ দৰে৷৷

সাং— চাপাগুৰী প্ৰথম খণ্ড৷
পোঃঅ— চাপাগুৰী৷
জিলা— চিৰাং,বিটিআৰ, অসম৷ 

No comments:

Post a Comment

SPONSORED