মই কোন ? - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 14, 2021

মই কোন ?


  • সবিতা_বেগম
মই কোন ???
অহৰহ শব্দৰ ভীৰত
মোৰ জন্ম গ্ৰহণ
মূৰৰ সাৰ ভাগত
এটাই প্ৰশ্ন
মই কোন , মই কোন ....
কোনোবা শ্ৰমিক পিতৃৰ
অট্টালিকা বিহীন ৰাজকন্যা
আদৰৰ লক্ষ্মী প্ৰতিমা,,

মই কোন ???
কোনোবা পিতৃহীন ঘৰৰ
অসুস্থ মাকৰ ঔষধ
আৰু ভাইটিৰ স্কুল খৰচৰ বাবে
টিউচনৰ কৰি দায়িত্ব বহন কৰি নিজক পাহৰা ছোৱালী....!!

মই কোন???
কোনোবাৰ প্ৰেমৰ অনুভৱৰ
কালজয়ী শ্ৰেষ্ঠ কবিতা,,
নে স্বপ্ন নগৰী নিঃসংগময়
হতাশ জীৱনৰ আল্পনাৰ উপন্যাস....!!

মই কোন ???
কোনোবাই বছৰৰ পিছত বছৰ
পিছে পিছে ঘূৰি ঘূৰি প্ৰতিশ্ৰুতি দি প্ৰেমত পেলায়,, শেষত নীৰৱে আঁতৰি ,
এ,ছি গাড়ী লৈ ফুল ছটিয়াই
আভিজাত্য পৰিয়ালত বিয়া কৰিবলৈ যোৱা
ভুৱা প্ৰেমিকৰ অৰ্ধ চিগাৰেটৰ দৰে ৰাস্তাৰ কাষত পেলাই দিয়া অযোগ্য প্ৰেমিকা ... ?
যাক ভগৱানেও ক্ষমা নকৰে দয়া নকৰে
অবৈধ কুমাৰীত্বৰ(কুন্তী) অপবাদ দিয়ে ।।

মই কোন ???
পিতৃ - মাতৃ , ভাতৃহীন অনাথ
ষ্টেচনত,ফুটপাথ পৰিচয় লৈ
পেটৰ তাড়নাত পৰিয়ালৰ ভিন্ন অভাৱত
কোনোবাৰ ভোগৰ সামগ্ৰী,,
বেচা-কিনা আলু পটলৰ দৰে পণ্য সামগ্ৰী,,
নতুবা চাহাবী বাংলোৰ আমোদকাৰীণি।

মই কোন ???
ক্লান্ত শৰীৰত ৰাজস্থানৰ দীঘল মৰুভূমি পথৰ
পানী কঢ়িয়াই আনি ধোঁৱাত ফুৱাই ফুৱাই
ৰুটি বনোৱা নিৰ্যাতিত পত্নী...???

মই কোন ???
সন্মানৰ শ্ৰেষ্ঠ আসনত বহুৱাই
পূজা কৰা পবিত্ৰ নাম " মাতৃ "
সময়ৰ কাল চক্ৰত অৱহেলিত আৰু লাঞ্ছিত
শেষ পানী মুখত পৰে বৃদ্ধাশ্ৰমত।

মই কোন ???
মা কালীৰ অপৰূপ , ভয় পায় দৈত্য - দানৱ।
আচলতে মই কোন ?
নহয়তো নিৰ্জন দ্বিপৰত
হেৰুৱা স্বপ্নাকীৰ্ণ
ভাগৰুৱা পথিক....!!

হয়তো অহৰহ সপোনৰ সমাধিক্ষেত্ৰ ???

ৰাধাকুছি_বৰপেটা ।


No comments:

Post a Comment

SPONSORED