দুখ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 14, 2021

দুখ


  • সঞ্জীৱ সাগৰ দাস
অমাৱস্যাৰ আগমনত
মই জোনবাইৰ আঁচলখনত
অলেখ দুখ দেখা পাওঁ
কাৰণ, জোনবাইয়ে জানে
জোনৰ পৰা নিগৰা পোহৰখিনিক
অমাৱস্যাই আৱৰি ৰাখিব…।

ঠিক তেনেকৈয়ে পথৰ দাঁতিত
কান্দি থকা কেঁচুৱাটোৰ মাকগৰাকীৰ
জল জলিয়া চকুজুৰিত দেখা পাওঁ
নিজ কেঁচুৱাটোৰ ভোক মিতাব নোৱাৰাৰ দুখ।
আচলতে দুখনো কাৰ নাই!

সকলোৰে জীৱনৰ কোনো ক্ষণত
আগমন ঘটে দুখৰ…
পাৰ্থক্য মাথোঁ এইখিনিয়েই-
কোনোৱে প্ৰকাশ কৰে আৰু
কোনোৱে প্ৰকাশ নকৰে দুখবোৰক…

আভ্যন্তৰীণভাৱেই বহুতৰে আচলতে লুকাই থাকে
অলেখ দুখ।

ঠিকনাঃ ভৱানীপুৰ,
জিলাঃ বজালী, 
ফোনঃ ৮৭২১৯৫৭৫১৭

No comments:

Post a Comment

SPONSORED