বৰপেটাত প্ৰয়াত কমৰেড ফজলুৰ ৰহমানৰ স্মৃতিচাৰণ আৰু স্মৃতিগ্ৰন্থ উন্মোচন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 10, 2021

বৰপেটাত প্ৰয়াত কমৰেড ফজলুৰ ৰহমানৰ স্মৃতিচাৰণ আৰু স্মৃতিগ্ৰন্থ উন্মোচন

বৰপেটা : বৰপেটাত প্ৰয়াত কমৰেড ফজলুৰ ৰহমানৰ স্মৃতিচাৰণ সভা অনুষ্ঠান অনুষ্ঠিত হোৱাৰ লগতে এখনি স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়৷ দেওবাৰে দিনৰ এঘাৰ বজাত চেঙা সমষ্টিৰ জি, ও, চি, জনতা বজাৰৰ হাইস্কুল প্ৰাঙ্গণত বি, বি, কে, কলেজৰ প্ৰাক্তন উপাধ্যক্ষ, বিশিষ্ট বাওঁপন্থী নেতা, সমাজকৰ্মী প্ৰয়াত কমঃ ফজলুৰ ৰহমানৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় ৷ 

সভাত উপস্থিত থাকে চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইন, সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, চি পি এমৰ ৰাজ্যিক সদস্য সুপ্ৰকাশ তালুকদাৰ, প্ৰাক্তন সাংসদ উদ্ধৱ বৰ্মন, অধ্যাপক ওৱাৰেচ আলী আদিকে কৰি বহুতো ৰাজ্যিক/জিলাৰ কমৰেদসকল ৷প্ৰায় পাঁচ শতৈধিক লোক উপস্থিত থকা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ সভাপতিত্ব কৰে কমঃ তাজ উদ্দিনে ৷ অনুষ্ঠানৰ আৰম্ভণিতে কমঃ ফজলুৰ ৰহমানৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি আগবঢ়ায় বিধায়ক মনোৰঞ্জন তালুকদাৰে ৷ সভাত সুপ্ৰকাশ তালুকদাৰৰ লগতে বিভিন্ন জনে ফজলুৰ ৰহমানৰ জীৱনৰ আদৰ্শ আৰু দলৰ প্ৰতি থকা আনুগত্যৰ কথা আলোকপাত কৰে ৷ সভাৰ মাজতে ছাফিকা সিকদাৰে কবিতা পাঠ কৰে আৰু দুৰ্জুন খানে স্ব-ৰচিত গীত পৰিবেশন কৰে৷ এই গাম্ভীৰ্যপূৰ্ণ সভাত স্মৃতিগ্ৰন্থ উন্মোচন কৰে মনোৰঞ্জন তালুকদাৰে৷

No comments:

Post a Comment

SPONSORED