বৰপেটা : বৰপেটাৰ দংৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত গৰেমাৰী পথাৰত ভূমি কেন্দ্ৰিক সংঘাতত দুজন লোকৰ মৃত্যু হয়৷ মৃত্যু হোৱা ব্যক্তি দুগৰাকী হল সুৰপান আলী আৰু আব্দুল জলিল ৷ কাষৰে গাঁৱৰ চৰকপাৰাৰ মামুদ আলী আৰু তেওৰ ভেৰোণীয়া গুণ্ডাবাহিনীয়ে চলয় এই হত্যাযজ্ঞ ৷উল্লেখ্য যে সুৰপান আলি আৰু আব্দুল জলিলক ভূমিৰ বেদখল কৰাৰ বাবেই চলিল এই নৃশংস বৰ্বৰ হত্যালীলা৷ ঘটনাৰ বিৱৰণী মতে ৰাতিপুৱা ৭.৩০ বজাত দা কোঠাৰ চুৰীৰে চিনেমাৰ কায়দাৰে সুৰপান আলি আৰু আব্দুল জলিলৰ বাসগৃহ ঘেৰাও কৰি প্ৰথমে মাৰপিট কৰে৷ সুদীর্ঘ এঘণ্টা মাৰপিটৰ অন্তত মৃত্যুৰ ভয়ত বাকী সদস্যই বাসগৃহ ত্যাগ কৰাৰ পিছতেই আব্দুল জলিল আৰু সুৰপান আলিক কোঠাৰেৰে মূৰত ঘপীয়াই হত্যা কৰে৷ পুলিচ প্ৰশাসনে ঘটনাস্থলীত উপস্থিত হৈ মৃত ব্যক্তি দুজনক বৰপেটাত মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যায় ৷
Responsive Ads Here
Saturday, October 09, 2021

বৰপেটাত ভূমিকেন্দ্ৰিক সংঘাত : নিহত ২
Tags
# অসম
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment