বিশ্ব বক্সিঙলৈ লাভলীনাৰ পোনপটীয়া যোগ্যতা অর্জন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 6, 2021

বিশ্ব বক্সিঙলৈ লাভলীনাৰ পোনপটীয়া যোগ্যতা অর্জন

গুৱাহাটী : টকিঅ’ অলিম্পিকৰ ব্রঞ্জ বিজয়ী বক্সিং তাৰকা লাভলীনা বৰগোহাঁয়ে সমাগত মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপলৈ পোনপটীয়া যোগ্যতা অর্জন কৰিছে৷ ভাৰতীয় বক্সিং ফেডাৰেচনে অসমৰ তাৰকা বক্সাৰগৰাকীক বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ বাবে ভাৰতীয় দলত পোনপটীয়াকৈ স্থান দিয়া বুলি মঙলবাৰে ঘোষণা কৰে৷


বাকীসকল খেলুৱৈক আগন্তুক ৰাষ্ট্রীয় বক্সিং চেম্পিয়নশ্বিপৰ পৰা বাছনি কৰা হ’ব৷ অহা ২১ অক্টোবৰৰ পৰা হিচাৰত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্রীয় চেম্পিয়নশ্বিপৰ প্রতিটো ওজন শাখাৰ স্বর্ণ বিজয়ী খেলুৱৈগৰাকীয়ে মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ভাৰতীয় দলক প্রতিনিধিত্ব কৰিব পাৰিব৷ ডিচেম্বৰত ইস্তানবুলত অনুষ্ঠিত হ’বলগীয়া মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপলৈ পোনপটীয়াকৈ যোগ্যতা অর্জন কৰাত অসমকন্যা লাভলীনা এতিয়া ৰাষ্ট্রীয় বক্সিং চেম্পিয়নশ্বিপৰ পৰা আঁতৰি থাকিব৷

উল্লেখ্য যে গোলাঘাটৰ জীয়ৰী লাভলীনাই সদ্যসমাপ্ত টকি’ অলিম্পিকত চমকপ্রদ প্রদর্শনেৰে দেশৰ হৈ ব্রঞ্জৰ পদক জয় কৰিবলৈ সক্ষম হৈছিল৷ অলিম্পিকত পদক জয় কৰা ভাৰতৰ তৃতীয়গৰাকী বক্সাৰ হিচাপে তেওঁ ইতিহাস ৰচিছিল৷ টকিঅ’ত দাঙি ধৰা এই ঐতিহাসিক প্রদর্শনৰ সুবাদত ভাৰতীয় বক্সিং ফেডাৰেচনে অসমৰ উদীয়মান বক্সিং তাৰকাগৰাকীক ভাৰতীয় দলত পোনপটীয়াকৈ স্থান দিছে৷ ভাৰতীয় বক্সিং ফেডাৰেচনে এক বিবৃতিত এই কথা সদৰী কৰিছে৷ ইফালে, বেলগ্রেডত ২৪ অক্টোবৰৰ পৰা পুৰুষৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপ আৰম্ভ হ’ব৷

No comments:

Post a Comment

SPONSORED