জাপান–জার্মানী ইটালীৰ তিনি বিজ্ঞানীলৈ পদার্থ বিজ্ঞানৰ ন’বেল - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 6, 2021

জাপান–জার্মানী ইটালীৰ তিনি বিজ্ঞানীলৈ পদার্থ বিজ্ঞানৰ ন’বেল

ৱেব সংবাদ : পৃথিৱীৰ জলবায়ুৰ ভৌতিক মডেল, পৰিৱর্তনশীলতাৰ মাত্রা নির্ধাৰণ আৰু গোলকীয় উষ্ণতাৰ আগজাননী সঠিকভাৱে প্রদানৰ মডেল আৱিষ্কাৰৰ বাবে ২০২১ বর্ষৰ পদার্থ বিজ্ঞানৰ ন’বেল বঁটা আগবঢ়োৱা হৈছে তিনি বিজ্ঞানীলৈ৷ জাপানৰ চ্যুকুৰু মানাৱে, জার্মানীৰ ক্লজ হাছেলমেন আৰু ইটালীৰ জি’ৰজি’ পাৰিছিলৈ ২০২১ বর্ষৰ পদার্থ বিজ্ঞানৰ ন’বেল বঁটা আগবঢ়োৱা হৈছে বুলি মঙলবাৰে ন’বেল কমিটীয়ে ঘোষণা কৰে৷ ন’বেল বঁটাৰ মূল্য দুভাগ কৰি এভাগ জাপানৰ ৯০ বছৰীয়া চ্যুকুৰু মানাৱে আৰু জার্মানীৰ ক্লজ হাছেলমেনক প্রদান কৰাৰ বিপৰীতে এটি ভাগ ইটালীৰ ৭৩ বছৰীয়া জি’ৰজি’ পাৰিছিলৈ আগবঢ়োৱা হৈছে৷


মানাৱে আৰু হাছেলমেনে পৃথিৱীৰ জলবায়ুৰ ভৌতিক মডেল, পৰিৱর্তনশীলতাৰ মাত্রা নির্ধাৰণ কৰা আৰু গোলকীয় উষ্ণতাৰ আগজাননী সঠিকভাৱে প্রদান কৰাৰ মডেল আৱিষ্কাৰৰ বাবে ন’বেল বঁটাটো লাভ কৰাৰ বিপৰীতে পাৰিছিয়ে পৰমাণুৰ পৰা গ্রহলৈকে ভৌতিক প্রণালীৰ বিসংগতি আৰু উত্থান–পতনৰ পৰস্পৰ ক্রিয়া আৱিষ্কাৰৰ বাবে এই বঁটাটো লাভ কৰে৷ জাপানৰ চ্যুকুৰু মানাৱে হৈছে প্রিন্সটন বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ বতৰ বিজ্ঞানী৷ জার্মানীৰ ক্লজ হাছেলমেন হৈছে মেক্স প্লাংক ইনষ্টিটিউট ফৰ মেটৰ’লজীৰ অধ্যাপক৷

আনপিনে ইটালীৰ জি’ৰজি’ পাৰিছি হৈছে ৰোমৰ ছেপিয়েঞ্জা বিশ্ববিদ্যালয়ৰ অধ্যাপক৷ পদার্থ বিজ্ঞানৰ বাবে এই তিনি বিজ্ঞানীলৈ ন’বেল বঁটা আগবঢ়োৱা বুলি আজি বিবৃতিযোগে প্রকাশ কৰিছে ন’বেল কমিটীৰ অধ্যক্ষ থর্ছ হান্স হেনছনে৷ উল্লেখ্য যে ন’বেল বঁটাত থকা ধন ১০ নিযুত ছুইডিছ ক্রনৰ দুভাগ কৰি এভাগ মানাৱে আৰু হাছেলমেনক, বাকী আধা পাৰিছিক আগবঢ়াব৷ কালি চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা দুই আমেৰিকানলৈ আগবঢ়োৱা হৈছে৷ পৰৱর্তী ন’বেল বঁটা ৰসায়ন বিজ্ঞান, সাহিত্য আৰু শান্তিৰ লগতে অর্থনীতিৰ ঘোষণা কৰিব৷

No comments:

Post a Comment

SPONSORED