- অংকিতা কলিতা, ৰঙিয়া, কামৰূপ
পশ্চিমীয়া আকাশৰ ভোটাতৰা হৈ
সামাজিকৰ মুখ্য চৰিত্ৰ হৈ
গানৰ এটি সুললিত কলি হৈ
উজাগৰী কবিতাৰ ছন্দ হৈ
তোৰ দেহত ভেজা দি কোন আছে বৈ?
জীৱন, তই জান কি? একো নাজান!
যেতিয়া হাতত জোঁৰ-বেনাৰ লৈ অন্যায়ৰ প্ৰতিবাদলৈ আগবাঢ়
আধাতে ছত্ৰভংগ দি কলৈ পলায় তোৰ লগৰবোৰ?
হিংসা নিষিদ্ধ এলেকাত কোন বিৰোধীৰ প্ৰৰোচনাত
জ্বলি নিঃশেষ হৈ যায় শান্তিৰ অমিয়া পথাৰ?
যেতিয়া সুখ বিচাৰি পথৰ দাঁতিত ভিখাৰীৰ হাত লৈ ৰৈ থাক
কোনে তাত ২৪ঘন্টীয়া সান্ধ্য-আইন জাৰি কৰে জান?
জীৱন, তই একোকে নাজান!
হাঁহি উঠে যেতিয়া ঘঁৰিয়ালৰ চকুপানীত
তোৰ জেপৰ বিনন্দীয়া উৰ্মাল তিতে।
ছলহা মিঠা কথাৰে কোমল মনৰ এডৰা চহাই
বিষাদৰ কঠীয়া সিঁচিবলৈ ভালকৈয়ে জানে সিঁহতবোৰে।
মুখত মৌ-সনা মাত, কান্ধত আশ্বাসৰ হাত আলফুলকৈ ৰাখি
বুকুৰ কামিহাড়চটাৰ মাজেৰে গোপনে বহুৱায় শেলপাত।
অথচ তোৰ সুখৰ দিৱস উদ্যাপনৰ নিমন্ত্ৰণী পত্ৰখন
উলাহৰ ঢৌত উটি-ভাঁহি পোনতে সিহঁতৰ ঠিকনা পায়!
তোৰ অজ্ঞাতে সন্তৰ্পণে এইদৰেই চলে নিটাল আন্ধাৰত
তোক নষ্ট কিম্বা ভ্ৰষ্ট কৰাৰ কেবাটাও মস্ত গধুৰ ষড়যন্ত্ৰ।
জীৱন, এতিয়াও তই একোৱেই নাজান!
মাজৰাতি যেতিয়া মই বনৰীয়া হৈ ঘূৰি ফুৰো
কাৰো বাঁহীৰ ফুটাত নুশুনো আন্তৰিকতাৰ সুৰ।
আটাইৰে মুখে মুখে কেৱল স্বাৰ্থসিদ্ধিৰ শ্লোক(!!)
No comments:
Post a Comment