মই কবি নহয় - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 16, 2021

মই কবি নহয়


  • ৰঞ্জুমা ৰহমান
মই কবি নহয় ৷
তথাপিতো ভাবুকতাত মই বৰ ভাবুক হৈ পৰো ৷
নিদ্ৰাহীন ৰাত্ৰীক সাক্ষী কৰি বহুদূৰ গুচি
যাওঁ মানবতাৰ প্ৰচ্ছায়া বিচাৰি ৷
মই কবি নহয় ৷
তথাপিতো নাঙলৰ সীৰলুত বিচাৰোঁ
এখন শস্য শ্যামলা ধৰণী ৷
কলমৰ আগেৰে নিগৰা শব্দৰে জৰ্জড়িত পৃথিৱীৰ
কলুষিত কুকৰ্ম নিঃশেষ কৰিব দুঃসাহস কৰো ৷৷

মই কবি নহয় ৷
তথাপিতো সাম্প্ৰদায়িকতাৰ বীজ নাইকিয়া,
এখন সুন্দৰ নিকা ঐক্যবদ্ধ সমাজ বিচাৰোঁ ৷
প্ৰখ্যাত কবিৰ কলমত নিৰ্গত শব্দৰ আঘাতত ধৰাৰ
বিষবাষ্পবোৰ নিঃশেষ হৈ পৰা এখন প্ৰতিচ্ছবি বিচাৰোঁ ৷

মই কবি নহয় আৰু কোনো কালেই কবি নাছিলোঁ ৷
প্ৰখ্যাত কবি হোৱাৰ ধৃষ্টতাও মোৰ নাই ৷
তথাপিতো শব্দৰ বীজ সিঁচি মানৱমনৰ অনুভূতিক
বাৰুকৈয়ে স্পৰ্শ কৰিব বিচাৰোঁ ৷
ক’লা ৰঙৰ পৰিৱৰ্তে মানৱ মনত ৰামধেনুৰ
সাতোৰঙী ৰঙ সিঁচি দিব বিচাৰোঁ ৷৷

গাঁও+ডাকঘৰঃ দেউদুৱাৰ
জিলাঃকামৰূপ(R), পিন নংঃ 781101

No comments:

Post a Comment

SPONSORED