- ছানোৱাৰ ৰহমান, বৰপেটাৰোড
লোকৰ দৃষ্টিত মই অস্পৃশ্য প্ৰাণী,
মোক দেখিলেই কাষেৰে পাৰ হোৱা
সভ্য সমাজৰ ঘৃণাত নাক কোঁচ খায়।
মলিয়ন মোৰ সাজ পোচাক
দেহত মোৰ মাখিৰ বাসস্থান
জঠৰ লগা চুলি আৰু মুখত একোছা দাড়ি।
পথৰ দাঁতিত পৰি থকা
মই অস্পৃশ্য প্ৰাণী।
এমুঠি অন্নৰ প্ৰয়োজনত কেতিয়াবা
খুচৰি ফুৰো আৱৰ্জনাভৰ্তি ডাষ্টবিন
নতুবা কোনোবাৰ চুৱাপাত
উৎস লাগিলে যিয়েই নহওঁক
পালেই উদৰ পূৰাই খাওঁ
নাপালেও নৰখাদক নহওঁ
কাৰণ মুখা পিন্ধা সভ্যতাৰ
অংশ নহওঁ মই।
অন্যৰ ভাগ নিজৰ কৰিবলৈ
কত ছল চাতুৰী,
কতযে হত্যা হিংসাৰ দাবানল
আনক মাৰি নিজে জীয়াৰ
দানবীয় হাবিয়াস মোৰ নাই
সেয়ে প্ৰশ্ন হয়,
আচলতে অস্পৃশ্য কোন, পাগল কোন?
মোৰ দৰে মলিয়ন বস্ত্ৰৰ আঁৰত থকা হতভাগা
নে শুভ্ৰ বস্ত্ৰৰ আঁৰত লুকা থকা কুৎসিত মানুহ...
আটকধুনীয়া অট্টালিকা,
আৰু শীততাপ নিয়ন্ত্ৰিত শোৱনি কোঠাৰ
কোমল তুলিৰ বিচনা
এইবোৰ যে মোৰ সপোনৰো অগোচৰ
তাৰ সলনি বাটৰ আলিকেঁকুৰি
নাইবা কোনো লাইটপোষ্টৰ তলত মোৰ বিছনা
বাটৰ ভতুৱা কুকুৰো হয় মোৰ
আৰামী বিচনাৰ লগৰী
তথাপিও নিদ্ৰা হয় মোৰ সুখকৰ
জাতি ধৰ্মৰ পৰিচয়ৰ পৰা মই বহুযোজন আতৰত
লোকে কয় এইবোৰেই হেনো সভ্যতা পৰিচায়ক,
মানুহ হলেও তথাকথিত সভ্যতাৰ মুখাপিন্ধাৰ
হাবিয়াস মোৰ মুঠেও নাই
কিয়নো মুখাবোৰ যে বৰ ডাঠ
পিন্ধিলেই উশাহবোৰ চুটি হয়
সেয়ে মই আজি বাটৰ পাগল।
No comments:
Post a Comment