মানৱ ৰুপী দানৱ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 15, 2021

মানৱ ৰুপী দানৱ


  • ৰাজুমনি গগৈ, তেজপুৰ
উস্‌ কি বৰ্বৰতা
জীৱ শ্ৰেষ্ঠ মানৱ আজি
পশুত কৈ অধম ৷
নিজেই আজি কম্পিত লজ্জিত
মানব জনম লৈ,
নিষ্পাপ ফুল কুমলীয়া কণমানী জনীকো
পেলালে মোহাৰি ৷ ৷

কিমান আৰু হ’ব এই নাটকৰ পুনৰাবৃত্তি
ধিক্কাৰ মানব জীৱন
আজি মোৰ চকুত বোৱা নাই দুখৰ চকুলো
বৈছে আজি তপত শোণিত ৷ ৷

ঐ মানৱ ৰূপী ন’ৰ পিশাচ হ’ত
নাই নেকি তহতঁৰ দয়া মায়া ?
ঐ নৰাধম হ’ত নকপেনে তঁহতৰ পাষাণ কলিজা ?

হে আইনৰ কান্ডাৰী ধৰা
গুৰিয়াল সকল
ধৰ্ষণ কাৰিৰ হকে কিয়
তোমলোক আগবাঢ়া ?
ৰাইজৰ আদালতত কিয়
নৰাধম হতঁক গতাই নিদিয়া ?
প্ৰয়োজন জাঁনো এই আইন
য’ত নাৰী জাতিৰ নাই সুৰক্ষা ?

আইনৰ গুৰিয়াল সকল
তোমালোকে উচিত বিচাৰ কৰা,
আইনৰ ফাকৰে যাতে
নৰ পিশাচ হঁতক সাৰি আহিব নিদিবা,
কঠোৰত কৈ কঠোৰ শাস্তি প্ৰদান কৰা ৷ ৷

আজি কত মাতৃৰ তেজত বৈচে
জলন্ত অগ্নিৰ শিখা
কপিছে সকলো মাতৃৰ হৃদয়
আমাৰ কন্যা সন্তানৰ সুৰক্ষা বা ক’ত ?

দেৱ শিশুৰ পৰা আবালবৃদ্ধবনিতা লৈ
হ’ব লগা হৈছে নৰাধম হতঁৰ
কামনাৰ বলি ,
তহঁতক জনম দিয়া গৰাকীওঁ আছিল
কাৰোবাৰ কন্যা সন্তান ,কৰোঁ বাৰ বাই ভনী ,
পখিলা খেদা বয়সতে দানব ৰূপে কৰিলি
কনমাণী জনীক নিধন ৷ ৷

No comments:

Post a Comment

SPONSORED