উতনুৱা বুঢ়া লুইতৰ বান - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 14, 2021

উতনুৱা বুঢ়া লুইতৰ বান


  • অঞ্জনা উজীৰ
ব্ৰহ্মপুত্ৰ লুইত বৰলুইত চিৰিলুইত লৌহিত্য যিয়ে নোবোলো
তুমি হেনো ভাৰতমাতাৰ একমাত্ৰ পুৰুষ নদী ব্ৰহ্মাৰে পুত্ৰ
উত্তুংগ গিৰিৰাজ পৰ্বতৰ পৰা ওলায়ে তুমি নানা নামেৰে
নানা গিৰিবালাৰ বুকুৱেদি বাগৰি আহি
প্ৰাকৃতিক সৌন্দৰ্যৰে বিমণ্ডিত অসম উপত্যকাৰ মাজেৰে
চিৰ প্ৰৱাহমান মহাবাহু অনন্তকাল জুৰি অনন্ত বাৰিধাৰা
বহন কৰি বৈ আছে মহাসিন্দুক উদ্দ্যেশি ;
যুগ যুগ ধৰি মহাবাহুৰ দুয়োপাৰৰ মনোৰম শ্যামল বুকুৰ
ক'ত সভ্যতা-সংস্কৃতি ক'ত ইতিহাস
গৌৰৱৰ মধুময় কাহিনীৰ অপূৰ্ব স্মৃতি
বিজড়িত আছে লুইতৰ এই বিশাল বুকুত
ইয়াৰ দুয়োপাৰে গঢ়ি উঠিছিল ক'ত জাতি-উপজাতি
সমন্বয় আৰু সমাহাৰ প্ৰক্ৰিয়াৰে গঠন কৰিছিল অসমীয়া জাতি
অসমৰ হেজাৰ-বিজাৰ জান-জুৰি নিজৰা উপনৈৰ
অজস্ৰ জলধাৰাৰে ব্ৰহ্মপুত্ৰ বুকু উপচি থাকে চিৰদিন,
বৰষাৰ মৌচুমীৰ প্ৰৱল বৃষ্টিপাতৰ প্ৰচুৰ জলধাৰাৰে
মহাবাহুৰ বুকু ওফন্দি দুয়োপাৰেদি যায় বাগৰি
পলসুৱা কৰি যোৱা পথাৰত কৃষকেও ৰচে সপোন
ফলে-ফুলে শস্যৰ শ্যামলী বোলে পথাৰ ওপচি পৰে
অসমীয়া জাতিৰ প্ৰাণত আশাৰ সঞ্চাৰ কৰি
জগাই তুলিছিল আত্ম প্ৰত্যয়
কিন্ত অসমীয়াৰ মনত আজি নাই সেই আশাৰ সঞ্চাৰ
বৰ্ষাকাল আহিলেই আমোঘা গৰ্ভসম্ভূত ব্ৰহ্মাৰ নন্দনৰ বুকুত
আজি কিয় যে ধাৰণ কৰে মদোন্নত্ত মাতংগৰ ৰণচণ্ডী মূৰ্ত্তি
মেঘধ্বনি শুনিলেই কঁ‌পি উঠে কৃষকৰ বুকু
উগ্ৰচণ্ডা সৰ্বগ্ৰাসী মূৰ্ত্তিৰে ঘৰ-দুৱাৰ খেতি-বাতি
একাকাৰ কৰি ধ্বংসলীলাৰ সৃষ্টি কৰিছে অসমত
ইতিহাস বহন কৰা ক'ত গৌৰৱ নিশ্চিহ্ন হৈছে অসমৰ মানচিত্ৰৰপৰা
বৰষাৰ বানপানীয়ে অসমীয়াৰ ৰাজহাড় কৰেহি বেঁ‌কা
সেয়েহে আজি ব্ৰহ্মাৰ নন্দন ব্ৰহ্মপুত্ৰ আজি ঐতিহ্যৰ গৌৰৱৰ
গৰিমাৰ প্ৰতিভূ নহৈ বেদনাত পৰিগণিত হৈছে !

ডিমৌ,দিহাজান 
জিলাঃ- শিৱসাগৰ (অসম), পিনঃ-৭৮৫৬৬২
ভ্ৰাম্যভাষঃ-৮৬৩৮৩৪২২০১

No comments:

Post a Comment

SPONSORED