শব্দ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 14, 2021

শব্দ


  • মিনু হাজৰিকা ( গুৱাহাটী)
শব্দ...! 
বৰ জটিলতাৰে ভৰা এই শব্দ
আৰু কঠিনতাৰে ভৰাও নহয় এই শব্দ ৷

সেয়েতো কথাতেই কয়
"কথাত কটা যায়
কথাত বটা পায়" ৷

এই শব্দৰ সুৰে কেতিয়াবা
জীৱন অনুপম কৰে ,
আৰু কেতিয়াবা দুঃসহ ৷

দুৰুহ হ’ই যায় দুৰন্ত প্ৰেমিকৰ
জীৱন গাথাঁ ৷

আৰু কেতিয়াবা সুৰ হৈ ৰয়
গীতৰ এলানি এলানি কথা

ক্ৰন্দনৰ শব্দই মাতৃৰ কলিজা কপায়
সেই শব্দতেই শিশুৱে
জীৱন ৰথত বলেৰে আগুৱাই ৷

No comments:

Post a Comment

SPONSORED