অহম অহং - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, October 16, 2021

অহম অহং


  • সংগীতা দত্ত
আত্মফুলৰ ফুলনিত অহংকাৰৰ অলংকাৰ পিন্ধি
ভূগোল আঁকো আমি

নিজক সজাও
আত্মফুলৰ তালিকাক মা দেউতাক আঁতৰাই
যেতিয়া আনন্দৰ মৰণা মাৰো
আলকতৰা গলাদি গলি যায়
সমন্ধৰ আঠা

বিশালতা মোৰ ভয় লাগে সেয়ে
শিপা হেৰুৱাৰ ভয়ত মোৰ পৃথিৱীখন ক্ষুদ্ৰ কৰিয়েই ৰাখো

বন্ধ দুৱাৰৰ ইপাৰ সিপাৰ
মাজত অহং নামৰ বেৰা

বেৰাৰ সিপাৰে আপোন উশাহ
দুৰত্ব তেনেই কম
অথচ ঘুৰ্মূতিয়াই ঘুৰ্মূতিয়াই ভাগৰ লাগে মূল শিপা

ভয় লাগে প্ৰভূ মোৰ
অহংকাৰৰ পৃথিৱীত হও যদি অকলশৰীয়া

কি হব তেতিয়া
উশাহ নিচিনা অহংকাৰৰ পৃথিৱীত
জৰায়ুৰ চিঞৰ

চকুলোৰ বছেৰেকীয়া বানৰ ঢল
লুটিয়াই বাগৰাই হুমুনিয়াহ

কিমান মা দেউতাৰ যে শেষ আশা নিৰ্বাপি
বিলীন হয় নেদেখা পৃথিৱীত

খোলা প্ৰভূ দুৱাৰ খোলা
অহংকাৰৰ পোছাক খুলি
মাকৰ শুকান বুকুত পুতেক সোমাওক
দেউতাকৰ হওক কণাৰ লাখুটি ।

সম্পূৰ্ণ ঠিকনা : 
গাঁও -উজনি জালভাৰী
ডাক-জালভাৰী,  পিন-787055
ঢকুৱাখনা, লখিমপুৰ জিলা

No comments:

Post a Comment

SPONSORED