দুৰ্ভগীয়া - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 16, 2021

দুৰ্ভগীয়া


  • তাছিৰ উদ্দিন আহমেদ, ছয়গাঁও
হালধীয়া সূৰুযটো হাতত লৈ সুধিলোঁ ---
মোক কিয় দগ্ধ কৰা নাই ?
সূৰুযে ক’লে--“ দগ্ধ কৰিবলৈ তোৰ একোৱেই অৱশিষ্ট নাই ৷”

খৰস্ৰোতা নৈক ভেটা দি সুধিলোঁ--
মোক কিয় উটুৱাই নিয়া নাই ?
নৈয়ে ক’লে--“তোক বাৰে বাৰে উটুৱাই ভাগৰি পৰিছোঁ মই ৷”

প্ৰচণ্ড ধুমুহাক সুধিলোঁ--
মোক কিয় উৰুৱাই নিয়া নাই ?
ধুমুহাই ক’লে--“ ইটোৰ পৰা সিটো চাপৰিলৈ
কহুঁৱা ফুল উৰুৱাই বদনামী হ’লোঁ মই ৷”

পিঠিত থকা বদনামী সূচকপত্ৰক আঁজুৰি আনি সুধিলোঁ --
মই কিয় বদনামী ?
সূচকপত্ৰই ক’লে --“এয়া তোৰ জন্মতে অহা উপ উপাধি ৷”

দেশমাতৃৰ চৰণ চুমি
গুচাব খুজিলোঁ মনৰ সন্তাপ ,
আইমাতৃয়ে বুকুত সাৱটি লৈ ক’লে--“ আহ দুৰ্ভগীয়া !
তয়ো মোৰ গৰ্ভজ্‌ সন্তান৷”

দুখৰ টোপোলাটোক
সুধিলোঁ--
তই কেতিয়া সঙ্গ এৰিবি মোৰ ?
দুখে ক’লে --
“মই আজন্ম প্ৰেমিক তোৰ ৷”
তপত হুমুনিয়াহ এৰি--
অজয় ভট্টাচাৰ্যৰ_
“দুঃখে যাদেৰ জীবন গড়া
তাদেৰ আবাৰ দুঃখ কি ৰে ?”----গুণগুণালোঁ৷

No comments:

Post a Comment

SPONSORED