- কুইন শৰ্মা, শিলপুখুৰী, গুৱাহাটী
ভোকৰো যে আছে কেই প্ৰকাৰ ,
মানুহ আৰু মন মিলি হয়
ইয়াৰ ভিন্ন ৰূপী ভিন্ন আকাৰ ।
সোণৰ কাঁহীত খাইও কাৰোবাৰ
মগজুত কলমলাই ফুৰে টকাৰ পোক ,
কোনোৱে আকৌ বিলাসী কোঠাত
ৰমণীৰ দেহৰ সুষমাত
নিবাৰণ কৰে শৰীৰৰ ভোক ।
কোনোৱে যদি কপাল থপৰিয়াই
হাড় ভঙা পৰিশ্ৰম কৰিও
দুবেলা চৌকা নজ্বলাৰ দুখত ,
কোনোৱে আকৌ মৰমৰ ভোকত
উজাগৰী নিশা ককবকাই মৰে
দুচকুৰে বৈ থকা জলধাৰাৰ শ্ৰোতত ।
উস্ যেনিয়েই চোৱা যায়
কেউফালে মাথোঁ ভোকেই ভোক ;
এই কালান্তক ভোকৰ প্ৰৰোচণাতেই
জীৱশ্ৰেষ্ঠৰ পৰা পশুলৈকে
অৱনমিত হয় কত যে লোক !
ভোকৰ খোৱা কামোৰাতেই
মানৱতাৰ ভঁড়াল উচন হ'ল ,
শান্ত সৌম্য , দয়া মমতাৰে ভৰা
সমাজখন আজি ৰসাতলে গ'ল ।
No comments:
Post a Comment