নৱ সভ্যতাৰ বিষন্ন পৃথিৱী - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 16, 2021

নৱ সভ্যতাৰ বিষন্ন পৃথিৱী


  • নৱ কুমাৰ বড়ো, বজালী
হে একবিংশ শতিকাৰ সভ্য নাগৰিক
দিয়া ঘূৰাই দিয়া মোক
বিষন্নতাৰ কলীয়া ডাৱৰে ছানি ধৰা
মোৰ সেউজী পৃথিৱীখন
যত উন্মুক্তে বিচৰণ কৰিছিল
শান্তিৰ কপৌজনি

শতিকাক আদৰিবলৈ সভ্যতাৰ অট্টালিকা সাজোতে
কিমানৰ ধ্বংসযজ্ঞ পাতিলা মনত আছেনে?
মহাত্মা, বৌদ্ধ, যিশুই মনে মনে হাঁহে
কিমাননো পাতিবা শান্তিৰ যজ্ঞ
সেউজী ধৰিত্ৰীৰ গতি ৰূদ্ধ কৰি ?
শতিকা গৰকা সভ্যতাই কান্দে
বৰ্নিল বহুন্ধৰাৰ উলংগ ৰূপ দেখি ।

সুন্দৰৰ সপ্তসুৰত আজি
আগ্নেয়াস্ত্ৰৰ জনজননিৰ অনুৰণন
চৌদিশে মাথোঁ হাহাকাৰ বোমা বাৰুদৰ
নিৰ্মিলিত অগ্নিশিখা
হে সভ্যতা
স্তিমিত কৰা তোমাৰ চঞ্চল ধ্বংসৰ মাৰাঠান
ৰক্ষা কৰা হে মানৱ জাতি
সৃষ্টিৰ নৱ নৱ শলিতা গছি
জীয়াই থাকিবলৈ দিয়া আমাৰ কʼলাজ
ʼʼসেউজী ধৰনীৰ সেউজীয়া খিনিকʼʼ।

No comments:

Post a Comment

SPONSORED