- শেৱালি বৰুৱা শইকীয়া, পুৰণিগুদাম
নদীৰ বক্ষত অশ্ৰুলেখাই বিচাৰি ফুৰিছে
শৈশৱৰ এমুঠি সাধুকথা,
শব্দময় সময়ৰ আলিংগণত
ৰজা ৰাণীৰ সাধুবোৰ
বুকুতেই জাপ খাই আছে,
দুঃসময়ৰ চিন্তাৰ আৱেষ্টনীত
হেৰুৱাইছে অতীতৰ মধুৰতম
সুবাসেৰে সুবাসিত এমুঠি পোহৰৰ দিনলিপি;
চিন্তা চেতনাত প্ৰবাহিত কথাবোৰে আমনি কৰে!
প্ৰতিবাদ কৰিবলৈ লাগে
সময়ৰ ঐক্যতানত গঁথা
দুৰ্বাৰ সাহসবোৰ,
প্ৰাপ্তিৰে ভাৰাক্ৰান্ত
হ'ব খোজা
জীৱনৰ দুখৰীয়া ছবিখনৰ
ভৰ সহিব পৰা নাই অশ্ৰুলেখাই;
শব্দহীনতাৰ স্বাধীনতা গছকি
ভৰিত লগাই দিয়া শৃংখলৰ
আঁচোৰ লাগি থৰক বৰক হৃদয়খনক নিচুকাবলৈ
এমুঠি সাহস লাগে অশ্ৰুলেখাৰ বাবে;
পূজাৰ বেদীত শৈলপুত্ৰীৰ আৰাধনা
যৌতুকৰ ভৰ সহিব নোৱাৰি অশ্ৰুলেখাৰ মন মগজু
আক্ৰান্ত হয় বিষাক্ত কীটৰ দংশনত,
জীৱনৰ পথে পথে লালসাৰ
বলি হৈ সহস্ৰ জনী অশ্ৰুলেখাই গোপনে নদীৰ
বুকুত আশ্ৰয় লয়,
সাধুকথাৰ ৰাজকুমাৰে আমনি কৰে বৰকৈয়ে--- !
ৰাজকুমাৰৰ হাতত ধৰি আগবাঢ়ি যাওঁতে
চকুযুৰিয়ে হেৰুৱাই কাজলৰ গাঢ় প্ৰলেপ ,
নিদ্রাহীন নিশাৰ তমসাৰে আবৃত হয় এযোৰ
টনা টনা চকু।
লেৰেলি যোৱা ওঁঠৰ পাহিত
সুকোমল শব্দবোৰৰ আঘাটত নীৰৱতাক নিৰ্বাচিত কৰে জীৱনৰ বাবে,
এমুঠি প্ৰতিবাদৰ শব্দ হ'বলৈ সাহসবোৰ একত্ৰিত কৰিবলৈ
আশ্বাসৰ এখন পৃথিৱীৰ সন্ধানত অশ্ৰুলেখা
ধাৱমান হৈছে অচিন পৃথিৱীৰ মাজলৈ,
অৱক্ষয় সময়বোৰক
অশ্ৰুলেখাৰ প্ৰতিবাদী কণ্ঠই
নিৰ্বাসন দিছে,
ওজস্বীতা সময়ৰ হাতত ধৰি
আগুৱাই যাবলৈ
প্ৰাৰ্থনাত স্বপ্নভংগ হোৱা সপোনবোৰ
এনেকৈয়ে অশ্ৰুলেখাৰ
প্ৰতিনিয়ত সাহসৰ
স্ফুলিংগ হৈ পৰক,
অশ্ৰুমতী নদীৰ গোপন বক্ষত
এজাক ধুমুহাৰ মুখামুখি
হোৱাকৈ সাহসী হোৱাৰ
শব্দবোৰ হৃদয়ত ধাৰণ কৰি
অশ্ৰুলেখা হৈ পৰক প্ৰবাহিত
সময়ৰ প্ৰতিবাদৰ নিশিতা শব্দবোৰৰ
এক নিৰ্মোহ বিশ্লেষণ!
No comments:
Post a Comment