- কনমনি নাথ, বি'ব্লক,বাক্সা)
চৌকাশ উদূলি-মূদুলি বতৰা
শেৱালি সুৱাসে
জগাই তোলে প্ৰেমৰ জাগৰণ।
নৈৰ পানীৰ সোঁতত প্ৰকাশিত হয়
যৌৱনৰ উন্মদনা,,,
শুভ্র কঁহুৱাই হালে- জালে
শুকুলা মেঘ প্ৰেমত পৰে।
ভাঁহি আহে প্ৰেম ৰোমন্থনৰ জীয়া ছবি।
পাখি লগা মোৰ মন
উৰি উৰি গৈ তোমাৰ
হৃদয়ৰ কাষে চাপে।
টুপ টুপ নিয়ৰৰ সেমেকা ভাৱে ঢালি দিয়ে।
মোৰ অবুজন মনত
প্রাপ্তি-অপ্রাপ্তিৰ স্নেহ।
দূৰে দূৰে থাকিও
স্পৰ্শ কৰো বতৰৰ বতৰা।
গীত গাঁও প্ৰেম মন্দাকিনীৰ,
মাতাল হওঁ
মৰম স্নেহ
নালি নিছিঙা বোৱতী সোঁতত।
No comments:
Post a Comment