- ড. আৰাধনা বৰুৱা, যোৰহাট
নীলা ছাতিটো মেলি লৈছো
মনত পৰে তোমালৈ
এনে সময়ত....
কৃষ্ণচূড়াৰ দেশত
বৰষুণীয়া বতৰত
তুমি আৰু মই যে নীলা ৰঙৰ ছাতিটোৰ তলত খিলখিলাই হাঁহিছিলো !
তোমাৰ মাখন বৰণীয়া কামিজৰ জেপত
ঊইনচাঙ কলমটোৰ
ৰূপালী হাঁকোটাডাল জিলিকি উঠিছিল !
তোমাৰ দুচকুত জিলমিলাই থকা
সোণালী ৰদত অৱগাহন কৰি
মই এজনী ফুটুকী হৰিণী হৈ পৰিছিলো !
তোমাৰ আৰু মোৰ কক্ষপথ সলনি হোৱাৰ পাছত
কত কুঁহিপাত সৰাপাত হ'ল
কত যোজন পথ বাটকুৰি বালো....
তথাপিও এতিয়াও
ৰিমঝিমীয়া বৰষুণৰ বতৰত
নীলা ছাতিটো মেলি ললেই
কৃষ্ণচৃড়াৰ দেশে
মোৰ চকুৰ আগত অগা-ডেৱা কৰে !
এক আলসুৱা অনুভৱত
আকণ্ঠ ডুবি
মই হৈ পৰো এক চাতক পখী !
নীলা ছাতিটো মোৰ প্ৰিয় সখী
অন্তৰৰ নিভৃত কোণৰ ৰূপকাঠী !
সোণসেৰীয়া স্মাৰক!!
No comments:
Post a Comment