- সমুজ্জ্বল ডেকা, ৰঙিয়া
আমি অসমীয়া...
ভাৰত ভূমিত লভিলোঁ জনম,
তুলি ল'লোঁ অসমীয়াৰ কলম।
বহু জাতি-জনজাতিৰ
মিলন এই ভাৰত ভূমি,
বহু কৃষ্টি-সংস্কৃতিৰ
মিলন এই জনমভূমি।
এডাল জৰীৰে বন্ধা সকলো
অসমীয়া আপোন মোৰ,
হিন্দু,মুচলমান,খ্ৰীষ্টান
আৰু বহুতোৰ...।
বাধাৰ প্ৰাচীৰ ভাঙি জীৱন যুঁজত
সজাগ জনতা ওলাই আহা,
শ্বহীদৰ ত্যাগ জগাই তোলা
জীৱন যুঁজত আগুৱাই যোৱা।
বীৰ লাচিতে জ্বৰ গাৰে
মোগলক কৰিলে পৰাজয়,
জাতিৰ পিতা মহাত্মা গান্ধীয়ে
কৈছিল_"সত্যৰ সদায় জয়" ।
মাতৃভূমিক প্ৰণাম কৰোঁ,
মাতৃভূমিক জগাই তোলো।
মাতৃভূমিক প্ৰণাম কৰা,
মাতৃভূমিক জগাই তোলা।
কাৰণ, মই অসমীয়া...
কাৰণ, আমি অসমীয়া...
No comments:
Post a Comment