- গায়ত্ৰী দেৱী
যি ক্ৰন্দনে ছাৰখাৰ কৰে মনৰ সুখ-শান্তিৰ বতৰা।
মৌনতাৰ ক্ৰন্দন আছে হাজাৰজনৰ বুকুত,
যাৰ ক্ৰন্দনত কেতিয়াবা প্ৰকাশ পাই অকল চাৱনিত।
যাক বুজিবলৈ ইমান কঠিন,
যাৰ ৰোমে ৰোমে থাকে আঘাটৰ চিন,
সহি সহি দিন যায় আৰু কত ৰাতি,
তথাপিটো উত্তৰ বিছাৰি নাপায় ভাবি ভাবি।
কত থাকে বৃদ্ধাশ্ৰমত,
আৰু কত পদ-পথত,
ৰাজকাৰেঙত থকা জনৰো ,
অন্তৰৰ নিভৃত কোনত;
থাকে কেতিয়াবা মৌনতাৰ ক্ৰন্দন।
মৌনতাৰ ক্ৰন্দন যদি হয় প্ৰকাশ্য,
হৃদয়খন তৰল হয় ক্ষন্তেক সময়,
মৌনতাৰ ক্ৰন্দনে অন্তৰ তপতাই ,
শৰীৰ আৰু মন ক্ৰমে ক্ৰমে শোষিত হৈ ,
মৃত্যুৰ দুৱাৰ দলিলৈ অগ্ৰসৰ হয়।
কাৰ সেইয়া ক্ৰন্দন?
মৌনতাৰ তপ্ত হৃদয়ৰ জুই আঙঠা,
যাক গভীৰ সাগৰৰ জলৰাশিয়েওঁ ৰোধিব নোৱাৰে।
আহাচোন শুনিব পাওঁ নেকি,
মৌনতাৰ ক্ৰন্দন-------------
যিয়ে দিন, মাহ, বছৰ অতিক্ৰমি,
গণিছে কেৱল হৃদয়ৰ ধপধপনি।।
গাওঁ-পশ্চিমচুবা, ছিপাঝাৰ,
No comments:
Post a Comment