- ৰেখা গোঁহাই
নামি আহিছে ।
আই ধৰিত্ৰী মন
থৌকি-বাথৌ কৰিছে।
টোপ,টোপ নিয়ৰৰ টোপাল বোৰে
সূৰুজৰ কিৰণত যেন
শাৰদী ৰাণীলৈ
একোদাল মুকুতা মালা গাঁঠিছে।
দূৱৰীয়ে শেৱালিৰ লগত
আলিংগন কৰি
একোখন দলিচা পাৰিছে।
স্নিগ্ধ জোনাকৰ মৃদু বতাহ জাকত
পদূলি মুখত থকা শুভ্ৰ শেৱালি
জোপীয়ে সূবাহ বিলাইছে।
নৈ খনিৰ কুলু -কুলু ধ্বনিত
কহুৱাই তালে তালে নৃত্য কৰি
বাউলি হৈ পৰিছে।
শত কৃষকে হেঁপাহেৰে কৰা
কষ্টকৰ সেউজীয়া পথাৰখনিও
গাভৰু হৈ উলাহত হালি -জালি নাচিছে ।
তাকে দেখি কৃষকৰ মন
আনন্দত মতলীয়া হৈ পৰিছে।।
সমাপ্ত
গাওঁ- নিজ মৈদুমীয়া গাওঁ, ডাকঘৰ-মোহনবাৰী
ডিব্ৰুগড় ,মোহনবাৰী, পিন নং- ৭৮৬০১২
No comments:
Post a Comment