- ইলিয়াচ আহমেদ, ডুমডুমীয়া, নগাঁও
ৰাজ কাৰেং অথবা সোণৰ পালেং ?
সকলোৱেইচোন বিচাৰে
মৰমৰ এনাজৰীৰে আলফুলে বান্ধি
নিজ হাতে গঢ়ি তোলা সপোনৰ ঘৰখনত
বুকু শাত পেলাবলৈ এশাৰ মৰমৰ মাত,
নাতি নাতিনীৰ সৈতে উমলি
নিমখৰ সতে হলেও তৃপ্তিৰ এমুঠি ভাত ৷
এটা সময়লৈকে সকলোবোৰ ঠিকেই থাকে
নতুন কাৰোবাৰ আগমনতেই হওক
কিম্বা আভিজাত্যৰ মিছা মৰিচিকাত
তিল তিলকৈ ধ্বংসস্তুপত পৰিণত কৰা হয়
অজস্ৰ সপোনেৰে ভৰা ঘৰখন,
অথবা ক’লা চচমাযোৰেৰে ঢাকি দিয়া হয়
মৰম আকলুৱা আই পিতাইৰ মৰমবোৰ ৷
কাৰ প্ৰৰোচনাত ? কিহৰ তাগিদাত ?
মাতৃস্নেহৰ চিৰ বন্ধনক তুচ্ছ কৰি
আই পিতাইক আলহী কৰা হয় বৃদ্ধাশ্ৰমৰ ?
আই পিতাইৰ চকুলোবোৰ কিন্তু
নহয় নিয়ৰৰ স্ফটিক টুপাল,
এয়া হয়তো ভগ্ন বুকুৰ উত্তাপত
মৰমবোৰ ভাষ্প হৈ নিগৰি অহা
একো একোটা বিষাক্ত অভিশাপ,
যিয়ে নিৰ্ণয় কৰিব আপোনাৰ কিম্বা মোৰ
নিৰ্মম এক কঠোৰ ভৱিষ্যতৰ ৷
No comments:
Post a Comment