- দ্বীপশিখা গগৈ তৃষ্ণা, গোলাঘাট, (মুৰফুলনী)
বেলিটোও পাহাৰখনৰ আঁৰত লুকাই বালিমাহী চৰাইজনীৰ দৰে.,
মোৰ পদূলিৰ ন-কৈ গাভৰু হোৱা খৰিকাজাই জোপাই আলসুৱা সুগন্ধি বিলাই
নিশা এপৰলৈ...
বুকুখনে বিচাৰে তেতিয়া উদভ্ৰান্ত যৌৱনে আমনি কৰা সুগন্ধি পখিলা।
তোমাৰ চকুত চকু থৈ খোলো বুলিয়েই খুলি দিব নোৱাৰো মোৰ সেই প্ৰেমৰ টোপোলা।
মোৰ প্ৰিয় মৌ নিগৰা বৰষুণজাক আহিব দিয়া একে লগে তিতিম ওৰে নিশা,
নিশা ফুলা ফুল বোৰ ফুলক,
উত্তেজিত নহবা,
মলয়া দুপাখিত ধৰি সুগন্ধি বোৰ আহক।
প্ৰকৃতিৰ প্ৰতিটো সুৰ মধুৰ হয়
প্ৰেমৰ পোচাক জোৰ পিন্ধিবলৈ মনত যেতিয়া এখন উৎসৱ পতা হয়,
নহয়নে...
প্ৰেম মই কৰিব জানো অন্ধৰ দৰে,
অভিমানবোৰ মইও সামৰিব জানো আবতৰিয়া বৰষুণজাক দায়ীত্বশীল মাটিয়ে সামৰি থোৱাৰ দৰে,
মৰমবোৰ এবাৰ চটিয়াই দিবাচোন
পিতাই শাওনৰ বুকুত সোণগুটি চটিওয়াৰ দৰে,
চেনেহবোৰ বুলাই দিবাচোন
আইৰ তাম বৰণীয়া দুহাতে সেউজীয়াবোৰ বোকাত গুজি দিয়াৰ দৰে,
মোৰ পিতাই মটীয়া ৰঙৰ পাগুৰিটো দেখি সংজ্ঞা নিৰূপন নকৰিবা গঞা...
মইহে জানো মোৰ পিতাই আঘোণ দিনৰ গীতবোৰ কিমান যে সুৰীয়া।
মইও কেঁচা মাটিৰ গোন্ধত মতলীয়া,
আমাৰ গাঁও জকাই চুকীয়া...
তুমি জোনাকী জনী হৈ আন্ধাৰ নিশা এটি চাই আহিবা,
মোৰ প্ৰিয় বোৰ যদি তোমাৰো ভাল লগা কবিতাৰ সুৰ হয়,
সেইদিনাই খুলিম
তোমাৰ চকুত চকু থৈ প্ৰেমৰ টোপোলা...।
No comments:
Post a Comment