- জলি নুৰ শ্বেলীনা, বৰপেটা, ইছবপুৰ
জীবন্ত ৰবট আমি।
পাণ জপা দি জাপিলেও ঘাম নোলায়।
হাতুৰীৰ কোবত কঠিন হৈছে খাদ্যনলী।
ৰেলৰ খুন্দাত আতৰ হয় আমাৰ পিয়াহ।
আমাৰ হাতত গঢ়ি উঠিছিল বাবেই এতিয়া
আমাক আহ্বান জনাইছে ৰাজপথে।
মৃত্যুৰ কিৰিলি আমাৰ ভয়ৰ নে ভোকৰ--?
গোৰোহা ফাটিলেও তেজ নোলায় সেয়া আমাৰ
জীৱনৰ উচিত মূল্য।
অনিদ্ৰা অনাহাৰ আমাৰ জীয়াই থকাৰ দৰব।
আমি শ্ৰমিক, আমি শ্ৰমিক।
আমি ঘামিলে বৰ বেয়া গোন্ধায়।
চাবোন ,পাৰফিউমৰ মূল্য আমি ভক্ষণ কৰো।
পেটৰ মূল্য আমি শিলত বেচো।
আমি শ্ৰমিক।
No comments:
Post a Comment